
ধুবুৰী, ৩০ জুলাই (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ লক্ষীগঞ্জত যোৱা কালি বুধবাৰে নিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । লক্ষীগঞ্জৰ কটেৰগাঁৱৰ বাসিন্দা খতেজা বেওয়া নামৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা।
বিদ্যুৎ চৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজ সকলেয়ে । অগ্নিকাণ্ডৰ ফলত দুটা বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয়। অগ্নিকাণ্ডত নগদ ২ লাখ টকাসহ প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষতি সাধন হোৱাৰ লগতে বাসগৃহত থকা ধান, চাউল প্ৰয়োজনীয় নথি পত্ৰ জুইত ভস্মীভূত হয় । পিছত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । এই ঘটনাৰ পৰাকথমপি ৰক্ষা পৰে গাওঁ খনৰ ওচৰে পাজৰে থকা বাসগৃহত সমূহ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ