
গোলাঘাট, ৩০ জুলাই (হি.স.)। গোলাঘাট জিলাত দীৰ্ঘদিন ধৰি কুৱেৰী আৰু বালি-শিলৰ টি পি-চালান বন্ধ থকাৰ ফলত ডাম্পাৰ আৰু অঞ্চলটোৰ ট্ৰাক ব্যৱসায় ী সকল তীব্ৰ সংকটৰ সন্মুখীন হৈছে। মৰঙিৰ দৈগ্ৰোং পুথি ভঁৰালত গোলাঘাট জিলা ডাম্পাৰ আৰু ট্ৰাক মালিক সন্থাৰ উদ্যোগত এখন জৰুৰী আলোচনা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত মালিক সকলে কয় যে গাড়ীসমূহ দীৰ্ঘদিন অচল হৈ থকাত বেংকৰ ঋণৰ কিস্তি, গাড়ীৰ কৰ-কাটল, বীমা আদায় আৰু পৰিয়াল পোহপাল দিয়াটো অত্যন্ত কঠিন হৈ পৰিছে। গোলাঘাটৰ জিলা আয়ুক্ত আৰু বন প্ৰাধিকাৰী বিষয়া (DFO)-ক অতি শীঘ্ৰে মহলৰ ব্যৱস্থা কৰি টিপি- চালানৰ ব্যৱস্থা কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ