তিতাবৰত ১৫ দিনীয়া গ্ৰীষ্ম কালীন সমষ্টিভিত্তিক নাট কৰ্মশালাৰ সফল সামৰণি
যোৰহাট, ৩০ জুলাই (হি.স.)। অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তিতাবৰ সমজিলা প্ৰশাসন , ঠেঙ্গাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাৰ আজি সামৰণি পৰে। যুৱ-প্ৰজন্মৰ মাজত নাট্য সংস্কৃতিৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লক্ষ্যৰে তি
তিতাবৰত ১৫ দিনীয়া গ্ৰীষ্ম কালীন সমষ্টিভিত্তিক নাট কৰ্মশালাৰ সফল সামৰণি


যোৰহাট, ৩০ জুলাই (হি.স.)। অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তিতাবৰ সমজিলা প্ৰশাসন , ঠেঙ্গাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাৰ আজি সামৰণি পৰে। যুৱ-প্ৰজন্মৰ মাজত নাট্য সংস্কৃতিৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লক্ষ্যৰে তিতাবৰ ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি উদীয়মান শিল্পী সকলক উৎসাহিত কৰে।অনুষ্ঠানত কৰ্মশালাত অংশ লোৱা প্ৰশিক্ষাৰ্থী সকলে তেওঁলোকে শিকিবলৈ সক্ষম হোৱা অভিনয় শৈলী আৰু নাট্য কলা সুন্দৰভাৱে মঞ্চস্থ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande