
শিৱসাগৰ, ৩০ জুলাই (হি.স.)। অসমৰ শেহতীয়া বানপানীয়ে বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিশেষভাৱে সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ চাৰিখন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা। এই জিলাসমূহত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়ে জোৰদাৰভাৱে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে । ৰাজ্যৰ সৰ্বস্তৰৰ পৰা প্ৰেৰণ কৰা হৈছে সাহাৰ্য সামগ্ৰী। একেদৰে চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰে ডিগবৈ সাংবাদিক সন্থাৰ তৰফৰ পৰা।
ডিগবৈ সাংবাদিক সন্থাৰ সভাপতি বিনন্দ কোঁৱৰ আৰু সম্পাদক ৰাজেশ উপাধ্যায়ৰ নেতৃত্বত যোৱা সাংবাদিক আৰু স্বেচ্ছাসেৱকৰ ২০ জনীয়া দলটোৱে চেতিয়া সন্দিকৈ গাঁৱৰ সমাজকৰ্মী আদিত্য সন্দিকৈৰ সহযোগত হঠাতে অহা প্ৰলয়ংকাৰী বানে ধুই নিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শিমলুগুৰি লোণপুৰিয়া গাওঁ, চুমনিগাঁও, নিমাইজান,সুন্দৰী আলি, চকিয়াল গাওঁ, লাকুৱা ৰাজগড় অঞ্চল আদি ১০খন বানপীড়িত গাঁৱত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। ইয়াত প্ৰায় ৩০০শ ঘৰৰ বানাক্ৰান্ত ৰাইজক বিভিন্ন খাদ্য সামগ্ৰী, বিস্কুট, বিশুদ্ধ খোৱা পানী,ব্যৱহাৰ উপযোগী পুৰুষ -মহিলাৰ কাপোৰ-কানি, ফেনাইল, ব্লিচিং পাউদাৰ অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু