
ধুবুৰী, ৩০ জুলাই (হি.স.)। ধুবুৰী চহৰত চলি থকা নলা আৰু পথৰ নিৰ্মাণকাৰ্যই সাধাৰণ ৰাইজৰ দুৰ্ভোগ বৃদ্ধি কৰিছে। চহৰৰ মুখ্য বজাৰ আৰু গুৰুত্বপূৰ্ণ পথ সমূহত প্ৰতিদিনে তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। একাধিক স্থানত নলাৰ খননকাৰ্য আধাতে এৰি থোৱা হৈছে, আনহাতে কেইবাটাও পথ খননৰ ফলত যাতায়াত ব্যৱস্থা গুৰুতৰভাৱে ব্যাহত হৈছে।
পুৱাৰ পৰা সন্ধিয়ালৈকে বজাৰ অঞ্চলত বাহনৰ দীঘলীয়া শাৰী দেখা যায়। বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায়ী আৰু কাৰ্যালয়লৈ যোৱা লোকসকলে প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা যানজঁটত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। স্থানীয় বাসিন্দা সকলৰ অভিযোগ যে ধুবুৰী পৌৰসভাই উপযুক্ত পৰিকল্পনা আৰু যানবাহন নিয়ন্ত্ৰণ ব্যৱস্থা অবিহনে নিৰ্মাণকাৰ্য আৰম্ভ কৰাত সমগ্ৰ চহৰৰ যাতায়াত ব্যৱস্থা বিপৰ্যস্ত হৈ পৰিছে।
ৰাইজৰ মতে, উন্নয়নমূলক কাম অতি প্ৰয়োজনীয়, কিন্তু সেই কাম যদি সুনিয়োজিত ভাৱে সম্পন্ন কৰা নহয়, তেন্তে জনসাধাৰণক কেৱল দুৰ্ভোগহে ভুগিবলগীয়া হয়। আধৰুৱা খননকাৰ্য আৰু ধীৰ গতিৰে চলি থকা কামৰ ফলত বজাৰৰ ব্যৱসায়-বাণিজ্যতো নেতিবাচক প্ৰভাৱ পৰিছে।ঠিকাদাৰৰ গাফিলতিৰ বাবেই ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে ।ইয়াৰ মাজতে চহৰবাসীয়ে ধুবুৰীৰ অভিভাৱক মন্ত্ৰী আৰু ধুবুৰী পৌৰসভাৰ সভাপতি ৰ তৎকালীন হস্তক্ষেপ দাবী কৰিছে। তেওঁলোকে নিৰ্মাণকাৰ্য দ্ৰুতগতিত সম্পূৰ্ণ কৰা, আধৰুৱা পথ আৰু নলাৰ কাম শীঘ্ৰে শেষ কৰা আৰু যানযট-ব্যৱস্থা সুচল কৰি জনসাধাৰণক সকাহ দিয়াৰ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ