দিখৌ নদীত উটি আহিল অচিনাক্ত মৃতদেহ
শিৱসাগৰ, ৩০ জুলাই (হি.স.)। পুনৰ দিখৌ নদীত উটি আহিল মৃতদেহ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঘুবাৰী অঞ্চলত দিখৌ নদীত উটি আহিল এটা অচিনাক্ত মৃতদেহ। আজি পুৱা দুজন স্থানীয় যুৱকে নদীত উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰি নাৱেৰে উদ্ধাৰ কৰে। ইতিমধ
দিখৌ নদীত উটি আহিল অচিনাক্ত মৃতদেহ


শিৱসাগৰ, ৩০ জুলাই (হি.স.)। পুনৰ দিখৌ নদীত উটি আহিল মৃতদেহ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঘুবাৰী অঞ্চলত দিখৌ নদীত উটি আহিল এটা অচিনাক্ত মৃতদেহ। আজি পুৱা দুজন স্থানীয় যুৱকে নদীত উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰি নাৱেৰে উদ্ধাৰ কৰে। ইতিমধ্যে মৃতদেহটো চমজি লবৰ বাবে গৌৰীসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে।

অচিনাক্ত মৃতদেহটো এজন পুৰুষৰ আৰু বানত উটি অহা বুলি সন্দেহ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande