
তিনিচুকিয়া, ৩০ জুলাই (হি.স.)। মাৰ্ঘেৰিটাত চাইবাৰ অপৰাধীৰ বেআইনী কাৰ্যকলাপ বৃদ্ধি। এইবাৰ লক্ষ্য সহজ-সৰল আশাকৰ্মীৰ পৰা সৰকালে হাজাৰ হাজাৰ টকা। চাইবাৰ প্ৰৱঞ্চক চক্ৰৰ বলি হৈছে অঞ্চলটোৰ সহজ-সৰল আশা কৰ্মীসকল। বিভিন্ন চলাহি কথা,ভুৱা প্ৰলোভন আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি দুষ্ট চক্ৰটোৱে ৮ গৰাকীৰ আশাকৰ্মীৰ কষ্টৰ উপাৰ্জিত ধন সাঁচতীয়া হাজাৰ হাজাৰ টকা সৰকাই লয়।
ইফালে, প্ৰৱঞ্চনাৰ সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী আশাকৰ্মী সকলে ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী থানাত এক লিখিত এজাহাৰ দাখিল কৰিছে।
আৰক্ষীয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ ব্যাপক তদন্ত আৰম্ভ কৰিছে। চাইবাৰ অপৰাধীৰ এনে অপকৰ্মই সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু