শিশু অপহৰণকাৰী বাবুল আলিক গুৱাহাটীত গ্ৰেপ্তাৰ
শোণিতপুৰ, ৩০জুলাই (হি.স.)। শিশু অপহৰণকাৰী বাবুল আলিক গ্ৰেপ্তাৰ। নিজ নাতিক বহিঃৰাজ্যত বিক্ৰী কৰা বাবুল আলিক গ্ৰেপ্তাৰ৷ বাংগালুৰুলৈ যোৱাৰ পথত গুৱাহাটী বিমান বন্দৰৰ পৰা মহাভৈৰৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুধৰ্ষ বাবুল আলিক৷ তেজপুৰৰ পৰোৱা খনামুখৰ এটা কনমা
শিশু অপহৰণকাৰী বাবুল আলিক গুৱাহাটীত গ্ৰেপ্তাৰ


শোণিতপুৰ, ৩০জুলাই (হি.স.)। শিশু অপহৰণকাৰী বাবুল আলিক গ্ৰেপ্তাৰ। নিজ নাতিক বহিঃৰাজ্যত বিক্ৰী কৰা বাবুল আলিক গ্ৰেপ্তাৰ৷ বাংগালুৰুলৈ যোৱাৰ পথত গুৱাহাটী বিমান বন্দৰৰ পৰা মহাভৈৰৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুধৰ্ষ বাবুল আলিক৷

তেজপুৰৰ পৰোৱা খনামুখৰ এটা কনমানিক এই পাষণ্ডই বিক্ৰী কৰিছিল অৰুণাচল প্ৰদেশত৷ তেজপুৰ খনামুখৰ এগৰাকী

মাতৃয়ে নিজৰ সন্ধানহীন কন্যা সন্তানক বিচাৰি আৰক্ষীৰ কাষ চাপি গোচৰ তৰিছিল৷

প্ৰায় এমাহ ধৰি সন্ধানহীন হৈ আছিল৷

শিশুটিৰ মাতৃয়ে অভিযোগ কৰে যে, তেওঁৰ জীয়েকক নিজ ককাক বাবুল আলিয়ে বিক্ৰী কৰিছে৷

ইফালে, আৰক্ষীয়ে আইতাকক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে শিশুটিক বিক্ৰী কৰা বাবুল আলিক কালি নিশা বৰঝাৰ বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত বাবুলে এই তথ্য স্বীকাৰ কৰিছে৷

স্থানীয় একাংশ লোকে অভিযোগ কৰে যে, শিশুটিক বাবুলে বিক্ৰী কৰিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande