
কামৰূপ, ৩০ জুলাই (হি.স.)। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিধায়ক হিমাংশু শেখৰ বৈশ্য । পলাশবাৰী সমষ্টিৰ ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিগত ১৬ জুলাইৰ পৰা আৰম্ভ হোৱা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু গীতিকৱি পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে ।
সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে ডঃ ভূপেন হাজৰিকা আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিধায়ক হিমাংশু শেখৰ বৈশ্য আৰু পলাশবাৰী সম জিলাৰ সহ আয়ুক্ত দীপশিখা দলৈয়ে । ইয়াৰ পিছতে শিল্পী সমাজৰ সভাপতি প্ৰদীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মানপত্ৰ প্ৰদান অনুষ্ঠান । সম্পাদক দেৱ কুমাৰ মেধি আৰু উপদেষ্টা তপন দাসে পৰিচালনা কৰা সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ডাঃ কমালাকান্ত কলিতাই ।
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আৰু ছয়গাঁও শিল্পী সমাজৰ তত্বাৱধানত বিধানসভা সমষ্টি ভিত্তিত আয়োজিত গ্ৰীষ্মকালীন কৰ্মশালা খন পৰিচালিত হৈছিল । প্ৰশিক্ষক শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সহযোগী সদানন্দ গগৈ, বিশিষ্টা কন্ঠশিল্পী ডঃ সংগীতা কাকতী, মৰমী শৰ্মা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ মনোনীত সদস্য প্ৰশান্ত ৰাজখোৱা, ডঃ প্ৰাণেশ্বৰ নাথ, দীপক চৌধুৰী, প্ৰতাপ বড়ো, দীপক দাসৰ লগতে বহু কন্ঠশিল্পী ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা