
বৰপেটা, ৩০ জুলাই (হি.স.)। বৰ্ষীয়ান ৰাজনীতিক হেমেন দাসক বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি |
বিশিষ্ট বাওঁপন্থী নেতা তথা সৰভোগৰ চাৰিবাৰৰ বিধায়ক হেমেন দাস বাথৰূমত পৰি আঘাতপ্ৰাপ্ত হোৱাত তেওঁক বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছে।
বৰপেটাৰ সৰভোগ স্থিত নিজা বাসগৃহত গা ধুবলৈ বাথৰুমলৈ যোৱাৰ সময়তে পিছলি পৰি আঘাতপ্ৰাপ্ত হয় প্ৰাক্তন বিধায়ক গৰাকী।
ইপিনে হাস্পতালত চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত তেওঁৰ ভৰিৰ হাড় ভঙা বুলি জানিবলৈ দিছে চিকিৎসকে ।
ইতিমধ্যে বাঁওপন্থী নেতা গৰাকীৰ চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে চিকিৎসা বিশেষজ্ঞৰ এটা টীম গঠন কৰি দিছে |
পূৰ্বৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা হেমেন দাসৰ অস্ত্ৰোপচাৰ সম্ভৱ হ'ব নে নহয়, সেই সন্দৰ্ভত চিকিৎসকৰ টীমটোৱে পৰ্যালোচনা চলাই আছে ।
উল্লেখ্য যে ৬ মাহ পূৰ্বে পত্নীৰ মৃত্যুৰ পিচত বৰ্ষীয়ান ৰাজনীতিক গৰাকী সম্প্ৰতি নিজ ভাতৃৰ সৈতে সৰভোগতে থাকিবলৈ লৈছে |
ইপিনে নিজৰ অসুস্থ দেহা সত্বেও সদায় মানুহৰ কথা চিন্তা কৰা হেমেন দাসে উজনিৰ দূৰ্গত বানাক্ৰান্ত সকলৰ ওচৰত ঠিয় হবলৈ আৰু যিয়ে যি পাৰে সহায় আগবঢ়াবলৈ ৰাইজলৈ আহ্বান জনাইছে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা