বিটিচি বিধানসভাত ১,৫৮,৮৩১.৩২ লাখ টকাৰ বাজেট গৃহীত
কোকৰাঝাৰ, ৩০ জুলাই (হি.স.)। বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ এছেম্বলি চমুকৈ BTCLA-ই বৃহস্পতিবাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১,৫৮,৮৩১.৩২ লাখ টকাৰ বিটিচি বাজেট গৃহীত কৰে। বাজেটত শিক্ষা, স্বাস্থ্য, কৃষি, পথ যোগাযোগ আৰু আন্তঃগাঁথনি উন্নয়নত বিশেষ
বিটিচি বিধানসভাত ১,৫৮,৮৩১.৩২ লাখ টকাৰ বাজেট গৃহীত


বিটিচি বিধানসভাত ১,৫৮,৮৩১.৩২ লাখ টকাৰ বাজেট গৃহীত


বিটিচি বিধানসভাত ১,৫৮,৮৩১.৩২ লাখ টকাৰ বাজেট গৃহীত


কোকৰাঝাৰ, ৩০ জুলাই (হি.স.)। বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিছলেটিভ এছেম্বলি চমুকৈ BTCLA-ই বৃহস্পতিবাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১,৫৮,৮৩১.৩২ লাখ টকাৰ বিটিচি বাজেট গৃহীত কৰে। বাজেটত শিক্ষা, স্বাস্থ্য, কৃষি, পথ যোগাযোগ আৰু আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

বিটিচিৰ মুখ্য তথা বিত্ত বিভাগৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰীয়ে সদনত বাজেটখন দাখিল কৰাৰ পিছত সৰ্বসন্মতিক্ৰমে বাজেট গৃহীত হয়। শাসকীয় পক্ষৰ সদস্যসকলে বাজেটখনক জনমুখী, সৰ্বাংগীণ আৰু উন্নয়নমুখী বাজেট হিচাপে অভিহিত কৰে।

বাজেটত বিটিচি-ৰ Consolidated SOPD Grantৰ বাবে ৯০,০০০ লাখ টকা, আন্তঃগাঁথনি উন্নয়ন আৰু বড়ো চুক্তি ৰূপায়ণৰ বাবে ২০,০০০ লাখ টকা, Centrally Sponsored আচনিৰ বাবে বিশেষ সাহায্য হিচাপে ২০,০০০ লাখ টকা, আন্তগাঠনি পুজি হিচাপে ৯,৭৫৭.২৫ লাখ টকা, প্ৰশাসনীয় পুজি হিচাপে ২,৫৩০.২২ লাখ টকা আৰু বিটিচি-ৰ বিশেষ পুজি হিচাপে ২,৭৯৪.৪৪ লাখ টকা ধাৰ্য কৰা হৈছে।

ইয়াৰ উপৰি শ্বহীদ সকলৰ এককালীন সাহাৰ্য্য়ৰ বাবে ১,০০০ লাখ টকা আৰু চেন্নাইত বিটিচি অতিথিশালা নিৰ্মাণৰ বাবে ১,০০০ লাখ টকাৰ ব্যৱস্থা কৰা হৈছে। সদনত ভাষণ দি বিটিচি মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয় যে বাজেট খনত শিক্ষা আৰু স্বাস্থ্য খণ্ডক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। লগতে কৃষি, পথ যোগাযোগ আৰু জনসাধাৰণৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে Bodofa Super-50 Programme সম্প্ৰসাৰণ কৰি ১০০ৰো অধিক শিক্ষাৰ্থীক সামৰি লোৱা হ’ব। এই কাৰ্যসূচীৰ নাম সলনি কৰি “UN Brahma Free UPSC, APSC, NEET and JEE Coaching Programme” কৰা হ’ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এমআইএল বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ৩ লাখ টকাকৈ আৰু উচ্চতৰ মাধ্য়মিক পৰীক্ষাৰ শীৰ্ষ ১০গৰাকী স্থানপ্ৰাপকক ৫ লাখ টকাকৈ প্ৰদান কৰা হ’ব।

প্ৰশ্নত্তোৰ কালত শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য় ৰবিৰাম নাৰ্জাৰীয়ে সদনক জনায় যে পূৰ্বৰ ইউপিপিএল নেতৃত্বাধীন পৰিষদৰ সময়ত ঠিকাভিত্তিত নিযুক্তি লাভ কৰা ৫৫৪গৰাকী বিজ্ঞান আৰু গণিতৰ শিক্ষক বৰ্তমান বিপিএফ নেতৃত্বাধীন চৰকাৰৰ অধীনতো সেৱাত থাকিব। শিক্ষক সকলৰ পাৰিশ্ৰমিকৰ বাবে প্ৰয়োজনীয় বাজেট ব্যৱস্থা কৰা হৈছে আৰু ধন লাভ কৰাৰ লগে লগে পাৰিশ্ৰমিক মুকলি কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

স্বাস্থ্য খণ্ড সন্দৰ্ভত কাৰ্য্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে সদনত জনায় যে বিটিচি-ত বৰ্তমান প্ৰায় ১৫০গৰাকী চিকিৎসক আৰু ৪০০গৰাকী পেৰামেডিকেল কৰ্মচাৰীৰ অভাৱ আছে। অসম চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ পিছত বিটিচি-ত ১৫০ গৰাকী জিএনএম নাৰ্ছ নিযুক্তি দিয়াৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।

আনহাতে, এমচিএলএ ধনেশ্বৰ গয়াৰীয়ে ১৯৮০ৰ দশকৰ শেষৰফালে জনজাতীয় অধিকাৰৰ আন্দোলনত পিটিচিএ কৰ্মী আৰু এবচু স্বেচ্ছাসেৱক বাহিনীৰ সদস্যসকলে আগবঢ়োৱা ত্যাগৰ বিষয়টো সদনত উত্থাপন কৰে। তেওঁ অৱহেলিত হৈ থকা এইসকল লোকৰ বাবে ক্ষতিপূৰণ আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰিবলৈ পৰিষদক আহ্বান জনায়।

ইয়াৰ প্ৰত্যুত্তৰত বিটিচি মুখ্য হাগ্ৰামা মহিলাৰীয়ে কয় যে বিষয়টো ইতিমধ্যে পৰিষদত আলোচনা কৰা হৈছে আৰু তেওঁলোকৰ ত্যাগক সন্মান জনোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সদনক আশ্বাস দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande