বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ‘চিফ ৰিলিফ ফাণ্ড’ মুকলি, জনসাধাৰণক উদাৰভাৱে সহায় আগবঢ়োৱাৰ আহ্বান
কোকৰাঝাৰ, ৩০ জুলাই (হি.স.)। বিটিচিৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ পিছতে আজি কোকৰাঝাৰৰ বিটিচি বিধানসভা ভৱনত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ‘মুখ্য সাহায্য পুজি’ আনুষ্ঠানিকভাৱে মুকলি কৰে। এই সাহায্য পুঁজিৰ জৰিয়তে দৰিদ্ৰ আৰু আৰ্তজ
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ‘চিফ ৰিলিফ ফাণ্ড’ মুকলি, জনসাধাৰণক উদাৰভাৱে সহায় আগবঢ়োৱাৰ আহ্বান


কোকৰাঝাৰ, ৩০ জুলাই (হি.স.)। বিটিচিৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ পিছতে আজি কোকৰাঝাৰৰ বিটিচি বিধানসভা ভৱনত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ‘মুখ্য সাহায্য পুজি’ আনুষ্ঠানিকভাৱে মুকলি কৰে। এই সাহায্য পুঁজিৰ জৰিয়তে দৰিদ্ৰ আৰু আৰ্তজনক সাহায্য প্ৰদান, চিকিৎসা সাহায্য, শিক্ষাৰ ক্ষেত্ৰত সহায়, দুৰ্যোগৰ সময়ত সাহায্য প্ৰদানৰ লগতে বিটিচি অঞ্চলৰ জনসাধাৰণৰ কল্যাণমূলক কাম-কাজত সহায় আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। ধৰ্ম, জাতি, বৰ্ণ বা ভাষাৰ কোনো ভেদাভেদ নকৰাকৈ এই পুঁজিৰ জৰিয়তে সহায় আগবঢ়োৱা হ’ব।

পুঁজিটোলৈ আৰ্থিক সহায় আগবঢ়াব বিচৰা জনসাধাৰণ আৰু শুভাকাংক্ষী সকলে www.chiefrelieffund.in ৱেবছাইটৰ জৰিয়তে দান কৰিব পাৰিব। পুঁজিটোৰ সন্দৰ্ভত কোনো সহায় বা তথ্যৰ বাবে ৯৪৩৫০২৭১১৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।

অনুষ্ঠানত উদ্যোগী মহম্মদ ইলিয়াছ আনছাৰীয়ে ৫ লাখ টকাৰ আৰু ইএম লখী দাসে ১ লাখ টকাৰ চেক বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ হাতত সাহায্য পুঁজিৰ বাবে অৰ্পণ কৰে।

বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি অঞ্চলৰ জনসাধাৰণৰ বৃহত্তৰ কল্যাণৰ বাবে এই পুঁজিলৈ সাধাৰণ জনতা, বিভিন্ন সংগঠন আৰু শুভাকাংক্ষীসকলক উদাৰভাৱে সহায় আগবঢ়াবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande