অসম বানঃ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ₹৫ কোটি টকা আগবঢ়াই জে এছ ডব্লিউ ষ্টীলৰ সজ্জন জিন্দালে
গুৱাহাটী, ৩০ জুলাই (হি.স.)। অসমৰ বিধ্বংসী বানপানীৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাই থকাৰ সময়তে দেশৰ বিভিন্ন প্ৰান্তৰ চেলিব্ৰিটি, কোম্পানী, সামাজিক সংগঠন, আৰু অন্যান্য সংগঠনেও সহায়ৰ হাত আগবঢ়াইছে। ইফালে বানাক্ৰান্তক সহায়ৰ বাবে মু
असमः मुख्यमंत्री डॉ. हिमंत बिस्व सरमा द्वारा सोशल मीडिया पर शेयर किये गये बैंक स्टेटमैंट की प्रतिलिपि


গুৱাহাটী, ৩০ জুলাই (হি.স.)। অসমৰ বিধ্বংসী বানপানীৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাই থকাৰ সময়তে দেশৰ বিভিন্ন প্ৰান্তৰ চেলিব্ৰিটি, কোম্পানী, সামাজিক সংগঠন, আৰু অন্যান্য সংগঠনেও সহায়ৰ হাত আগবঢ়াইছে। ইফালে বানাক্ৰান্তক সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অহৰহ আৰ্থিক অনুদান আগবঢ়াই আহিছে ৰাইজে। এই সন্দৰ্ভত জে এছ ডব্লিউ ষ্টীলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত ৫ কোটি টকা জমা কৰিছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছ’চিয়েল মিডিয়াত জে এছ ডব্লিউ ষ্টীলৰ আৰ্থিক অনুদানৰ কথা উল্লেখ কৰি এটা পোষ্ট শ্বেয়াৰ কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, আজি পুৱা জে এছ ডব্লিউ ষ্টীলৰ সজ্জন জিন্দলৰ উদাৰতাই মোৰ হৃদয় চুই গ'ল। কাকো খবৰ নিদিয়াকৈয়ে তেওঁ ₹৫ কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ (চি এম আৰ এফ) হস্তান্তৰ কৰিলে যাতে এই ভয়াৱহ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিব পাৰে।

তেওঁ উল্লেখ কৰে যে আমি এই উদাৰ ইংগিতৰ বিষয়ে জানিব পাৰিলোঁ যেতিয়া আমাৰ দলটোৱে আজি পুঁজিটোৰ বেংক ষ্টেটমেণ্ট পৰ্যালোচনা কৰি আছিল। কোনো ঘোষণা বা আলোচনা হোৱা নাছিল; ই আছিল কেৱল এটা নিৰৱে কৰা মমতাৰ কাৰ্য্য।

অসমৰ বাবে গৌৰৱৰ বিষয় যে তেখেতৰ শ্ৰদ্ধাৰ মাতৃ সাবিত্ৰী জিন্দাল (অ' পি জিন্দাল গ্ৰুপৰ চেয়াৰপাৰ্চন এমেৰিটাছ) আমাৰ ৰাজ্যৰ পৰাই আহিছে।

সজ্জন জীক তেখেতৰ নম্ৰতা আৰু উদাৰতাৰ বাবে অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

চি এম আৰ এফত লাভ কৰা প্ৰতিটো পইচা অসমৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আমাৰ জনসাধাৰণৰ কল্যাণৰ বাবে বিবেচনাপূৰ্ণ আৰু সাৱধানতাৰে ব্যৱহাৰ কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande