তামাৰহাটত গংগাধৰ নৈত পৰি সলিল সমাধি বৃদ্ধৰ
ধুবুৰী, ৩০ জুলাই (হি.স.)। ধুবুৰী জিলাৰ তামাৰহাটৰ পূৱ মৰাগদাধৰত অঘটন । গংগাধৰ নৈত পৰি সলিল সমাধি বৃদ্ধৰ । বৰবালাৰচৰ গাঁৱৰ ৬৫ বছৰীয়া ছায়েদ আলীৰ গংগাধৰ নৈত পৰি নিৰুদ্দেশ হয় । স্থানীয় ৰাইজৰ তৎপৰতাত গংগাধৰ নদীৰ পৰা বৃদ্ধ জনক উদ্ধাৰ কৰা হয় যদিও ব
তামাৰহাটত গংগাধৰ নৈত পৰি সলিল সমাধি বৃদ্ধৰ


ধুবুৰী, ৩০ জুলাই (হি.স.)। ধুবুৰী জিলাৰ তামাৰহাটৰ পূৱ মৰাগদাধৰত অঘটন । গংগাধৰ নৈত পৰি সলিল সমাধি বৃদ্ধৰ । বৰবালাৰচৰ গাঁৱৰ ৬৫ বছৰীয়া ছায়েদ আলীৰ গংগাধৰ নৈত পৰি নিৰুদ্দেশ হয় । স্থানীয় ৰাইজৰ তৎপৰতাত গংগাধৰ নদীৰ পৰা বৃদ্ধ জনক উদ্ধাৰ কৰা হয় যদিও বৃদ্ধ জনৰ ইতিমধ্য়ে মৃত্য়ু হয় ।

চৰৰ পৰা গৰু লৈ উভতি আহোতে অসাৱধনতা বশত গংগাধৰ নদীত পৰি বৃদ্ধ জনৰ মৃত্যু হয় বুলি স্থানীয় ৰাইজে সংবাদ মাধ্য়মক অবগত কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande