

কোকৰাঝাৰ, ৩০ জুলাই (হি.স.)। আলিপুৰদুৱাৰ মণ্ডলত বৃহস্পতিবাৰে মণ্ডলীয় ৰে’ল ব্যৱহাৰকাৰী পৰামৰ্শদাতা সমিতি চমুকৈ ডিআৰইউচিচি-ৰ ৯৫ সংখ্যক বৈঠক অনুষ্ঠিত হয়। আলিপুৰদুৱাৰ মণ্ডলৰ মণ্ডল ৰে’ল প্ৰবন্ধক শ্ৰী দেৱেন্দ্ৰ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অতিৰিক্ত মণ্ডল ৰে’ল প্ৰবন্ধক শ্ৰী এছ. কামেইসহ কেইবাগৰাকীও জ্যেষ্ঠ ৰে’ল বিষয়া উপস্থিত থাকে।
বৈঠক খন ডিআৰইউচিচি-ৰ সচিব তথা জ্যেষ্ঠ মণ্ডল বাণিজ্য প্ৰবন্ধক শ্ৰী আছিফ আলীয়ে পৰিচালনা কৰে। বৈঠকত ডিআৰইউচিচি-ৰ সদস্য সকলে ৰে’ল সেৱা আৰু যাত্ৰী সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। আলোচনাত নতুন ৰে’ল সেৱা আৰম্ভ কৰা, বন্ধ হৈ থকা সেৱা পুনৰ আৰম্ভ কৰা, ৰে’লৰ সেৱা সম্প্ৰসাৰণ, গুৰুত্বপূৰ্ণ দীৰ্ঘ দূৰত্বৰ ৰে’লৰ অতিৰিক্ত ষ্টপেজ, কোচৰ সংখ্যা বৃদ্ধি আৰু অঞ্চলটোৰ ৰে’ল সংযোগ ব্যৱস্থা উন্নত কৰাৰ বিষয়সমূহ স্থান পায়।
ইয়াৰ উপৰি ষ্টেচনত খোৱাপানীৰ সুবিধা, সংৰক্ষণ কাউণ্টাৰ, ৰিটায়াৰিং ৰূম, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অন-ব’ৰ্ড হাউছকিপিং, বিশেষভাৱে সক্ষম যাত্ৰীসকলৰ সুবিধা আৰু ষ্টেচনৰ আন্তঃগাঁথনি উন্নয়নৰ বিষয়েও আলোচনা কৰা হয়।
ডিআৰইউচিচিৰ সদস্য সকলে ষ্টেচন পুনৰ উন্নয়ন, প্লেটফৰ্মৰ উন্নতি, লিফ্ট স্থাপন, সংযোগী পথৰ কাম, পথ মেৰামতি, ৰোড অভাৰ ব্ৰীজ বা ROB আৰু ৰোড আণ্ডাৰ ব্ৰীজ বা RUB নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায়। লগতে পৰ্যটনকেন্দ্ৰিক ৰে’ল সংযোগ বৃদ্ধিৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয়।ৰে’লৰ সময়ানুবৰ্তিতা, টিকট পৰীক্ষণ ব্যৱস্থা, কোচ আপগ্ৰেডেচন আৰু যাত্ৰী সংৰক্ষণ নীতিৰ দৰে পৰিচালনামূলক বিষয়সমূহো বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰা হয়।
মণ্ডল ৰে’ল প্ৰবন্ধক শ্ৰী দেৱেন্দ্ৰ সিঙে সদস্যসকলে আগবঢ়োৱা মূল্যৱান পৰামৰ্শসমূহৰ শলাগ লয় আৰু উত্থাপিত বিষয়সমূহ সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষা কৰা হ’ব বুলি আশ্বাস দিয়ে। মণ্ডলৰ অধীনস্থ বিষয়সমূহত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নীতি-নিৰ্ধাৰণ বা আন্তঃমণ্ডলীয় বিষয়সমূহ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
ধন্যবাদ জ্ঞাপনেৰে বৈঠকৰ সামৰণি পৰে। ৰে’ল ব্যৱহাৰকাৰীসকলৰ সৈতে নিয়মীয়া মত-বিনিময়ৰ জৰিয়তে যাত্ৰী সেৱা, পৰিচালনামূলক দক্ষতা আৰু গ্ৰাহক সন্তুষ্টি নিৰন্তৰ উন্নত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে আলিপুৰদুৱাৰ মণ্ডলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ