
ওদালগুৰি ২৯ জুলাই (হি.স.)। বৃহত্তৰ কলাইগাঁও অঞ্চলৰ একাংশ ভক্তই আজি গেৰুৱা দুৰ্গা মন্দিৰৰ পৰা পূজা-অৰ্চনা কৰি বাবা ধাম আৰু বৃন্দাবনলৈ পৱিত্ৰ তীৰ্থযাত্ৰা আৰম্ভ কৰে।যাত্ৰাৰ পূৰ্বে গেৰুৱা দুৰ্গা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰ আয়োজন কৰা হয়।
সকলো যাত্ৰীৰ সুস্বাস্থ্য, সুৰক্ষা আৰু মংগলময় যাত্ৰাৰ কামনাৰে দেৱী দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনোৱা হয়।এই উপলক্ষে গেৰুৱা দুৰ্গা মন্দিৰ ট্ৰাষ্ট সমিতিৰ সভাপতি পাৰ্থ প্ৰতিম চৰকাৰ আৰু সম্পাদক চিত্তৰঞ্জন বিশ্বাস লগতে কলাইগাঁৱৰ টিচিএলচিচি ৰ প্ৰাক্তন অধক্ষ্য নৱৰাজ বৰুৱাই প্ৰতিগৰাকী যাত্ৰীক এখনকৈ অংগবস্ত্ৰ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। লগতে তেওঁলোকৰ সফল, নিৰাপদ আৰু মংগলময় তীৰ্থযাত্ৰাৰ বাবে পূজা-অৰ্চনা কৰাৰ লগতে শুভকামনা জনায়।ধৰ্মীয় ভক্তিভাৱ আৰু উৎসাহৰ মাজেৰে আৰম্ভ হোৱা এই তীৰ্থযাত্ৰাই সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ