
বাক্সা , ২৯ জুলাই (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাক্সা জিলাৰ খামাৰদৈছাত আজি দিনজোৰা কাৰ্যসূচীৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ, মানাহ মাউজিগেন্দ্ৰি ইক'ট্যুৰিজিম ছ'ছাইটি আৰু আৰণ্যক ৰ যুটীয়া উদ্যোগত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয়।
এই উপলক্ষে আজি পুৱা এটি চাইকেল সমদল উলিওৱা হয়। ইয়াৰ পিছত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত সজাগতা সভাত খামাৰদৈছাত হাই স্কুলৰ প্ৰধান শিক্ষক সমৰ বসুমতাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । সজাগতা সভাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ ৰেঞ্জাৰ মৃণাল জ্যোতি দৈমাৰী, আৰণ্যকৰ তৰফৰ পৰা বিনীতা ভাৰতিকে আদি কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁৱৰ কেবাগৰাকী গাঁৱবুঢ়া আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ