মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিএছইউ-ৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি
ওদালগুৰি, ২৯ জুলাই (হি.স.)। মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিএছইউ( বড়োলেণ্ড ষ্টুডেন্ট ইউনিয়ন)-ৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি। মাজবাটত শিক্ষাৰ ক্ষেত্ৰত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে বিএছইউ-এ। এমাহজোৰা বিনামূলীয়া গ্ৰীষ্মক
মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিএছইউ-ৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি


ওদালগুৰি, ২৯ জুলাই (হি.স.)। মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিএছইউ( বড়োলেণ্ড ষ্টুডেন্ট ইউনিয়ন)-ৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি। মাজবাটত শিক্ষাৰ ক্ষেত্ৰত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে বিএছইউ-এ।

এমাহজোৰা বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

ওদালগুৰি জিলাৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিএছইউ-ৰ উদ্যোগত এমাহজোৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ আজি সফল সামৰণি ঘটে। দশম আৰু দ্বাদশ শ্ৰেণীৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই শিবিৰত গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ত বিশেষ পাঠদান আগবঢ়োৱা হয়।শিক্ষাৰ প্ৰতি অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিএছইউ-এ সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদানৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে যাতায়তৰ সুবিধা আৰু প্ৰতিদিনে লঘু আহাৰৰ ব্যৱস্থাও কৰে। এই ব্যতিক্ৰমী পদক্ষেপে অঞ্চলবাসীৰ মাজত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি-ৰ পাৰিষদ শ্যাম চুণ্ডী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিপিএফ ইউথ চেলৰ কেন্দ্ৰীয় সভাপতি ৰিঞ্জয় বড়ো।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande