নাইট ৰাইডাৰ্ছ স্প’ৰ্টছ ৰিয়ান টেন ড’শ্বেটক ক্ৰিকেট কৌশলৰ মুৰব্বী হিচাপে নিযুক্তি
কলকাতা, ২৯ জুলাই (হি.স.)। নাইট ৰাইডাৰ্ছ স্প’ৰ্টছে প্ৰাক্তন খেলুৱৈ তথা প্ৰশিক্ষক কৰ্মচাৰীৰ মূল সদস্য ৰিয়ান টেন ড’শ্বেটক ক্ৰিকেট কৌশলৰ মুৰব্বী হিচাপে নিযুক্তি দিছে। এই নতুন ভূমিকাত তেওঁ ক্ৰিকেট কৌশল, প্ৰতিভা চিনাক্তকৰণ, খেলুৱৈ নিযুক্তি, আৰু নাইট ৰা
रयान टेन डोशेट


কলকাতা, ২৯ জুলাই (হি.স.)। নাইট ৰাইডাৰ্ছ স্প’ৰ্টছে প্ৰাক্তন খেলুৱৈ তথা প্ৰশিক্ষক কৰ্মচাৰীৰ মূল সদস্য ৰিয়ান টেন ড’শ্বেটক ক্ৰিকেট কৌশলৰ মুৰব্বী হিচাপে নিযুক্তি দিছে। এই নতুন ভূমিকাত তেওঁ ক্ৰিকেট কৌশল, প্ৰতিভা চিনাক্তকৰণ, খেলুৱৈ নিযুক্তি, আৰু নাইট ৰাইডাৰ্ছ গ্ৰুপৰ বিশ্বব্যাপী ফ্ৰেঞ্চাইজিৰ বাবে বিকাশৰ নেতৃত্ব দিব।

ৰিয়ান টেন ড'শ্বেটে স্কাউটিং, খেলুৱৈ নিৰ্বাচন, দলৰ গঠন, আৰু প্ৰদৰ্শন মূল্যায়নৰ বাবে কৌশল প্ৰস্তুত কৰিব। তেওঁ বিভিন্ন ফ্ৰেঞ্চাইজিৰ প্ৰশিক্ষক কৰ্মচাৰীৰ সৈতে কাম কৰি সমগ্ৰ নাইট ৰাইডাৰ্ছ নেটৱৰ্কত একেধৰণৰ ক্ৰিকেট দৰ্শন আৰু কৰ্মনীতি গঢ়ি তুলিব।

এই নতুন ভূমিকাৰ অংশ হিচাপে তেওঁ ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ (কেৰিবিয়ান প্ৰিমিয়াৰ লীগ), আবুধাবি নাইট ৰাইডাৰ্ছ (আই এল টি২০), আৰু লছ এঞ্জেলছ নাইট ৰাইডাৰ্ছ (মেজৰ লীগ ক্ৰিকেট)ৰ সহকাৰী প্ৰশিক্ষক হিচাপেও কাম কৰিব।

বুধবাৰে ফ্ৰেঞ্চাইজিটোৱে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত নাইট ৰাইডাৰ্ছ স্প’ৰ্টছৰ মুখ্য কাৰ্যবাহী বিষয়া ভেংকি মহীশূৰে কয় যে তেওঁলোকে ৰিয়ানক পৰিয়াললৈ ঘূৰি আহি আদৰণি জনাই আনন্দিত হৈছে। তেওঁ লগতে কয় যে নাইট ৰাইডাৰ্ছৰ ক্ৰিকেট সংস্কৃতিৰ বিষয়ে তেওঁৰ গভীৰ বুজাবুজি আৰু আন্তঃৰাষ্ট্ৰীয় আৰু ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ অভিজ্ঞতাই তেওঁক এই ভূমিকাৰ বাবে নিখুঁতভাৱে উপযুক্ত কৰি তুলিছে। তেওঁৰ নেতৃত্বই নাইট ৰাইডাৰ্ছ নেটৱৰ্কৰ বাবে নতুন বৃদ্ধিৰ সূচনা কৰিব।

নিযুক্তিৰ সময়ত ৰিয়ান টেন ড’শ্বেটে নাইট ৰাইডাৰ্ছ পৰিয়ালত পুনৰ যোগদান কৰাৰ বাবে উত্তেজনা প্ৰকাশ কৰে। তেওঁ কয় যে বিভিন্ন বিশ্বব্যাপী ফ্ৰেঞ্চাইজিৰ প্ৰশিক্ষক আৰু বিশ্লেষণ দলৰ সৈতে সহযোগিতা কৰি স্কাউটিং, খেলুৱৈ বিকাশ ব্যৱস্থা, আৰু দীৰ্ঘম্যাদী ক্ৰিকেট কৌশল বিকশিত কৰাৰ এক কল্পনাতীত সুযোগ।

নাইট ৰাইডাৰ্ছৰ সৈতে ৰিয়ান টেন ড’শ্বেটৰ যাত্ৰা ২০১১ চনত খেলুৱৈ হিচাপে আৰম্ভ হৈছিল।২০১২ আৰু ২০১৪ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ আই পি এল বিজয়ী দলৰ সদস্য আছিল।তাৰ পিছত ২০২২ চনত প্ৰশিক্ষক দলত যোগদান কৰি ২০২৪ চনত দলটোৱে তৃতীয়বাৰৰ বাবে আই পি এল খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande