
নতুন দিল্লী, ২৯ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ৰ ষষ্ঠ দিনটোত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰি মুঠ পদকৰ সংখ্যা ১২লৈ বৃদ্ধি কৰে।
এথলেটিকছত গুলৱীৰ সিঙে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ঐতিহাসিক ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে হৰজিন্দৰ কৌৰে মহিলাৰ ৬৯ কেজি শাখাত মুঠ ২২৭ কিলোগ্ৰাম উত্তোলন কৰে দ্বিতীয়টো ৰূপৰ পদক দখল কৰে ।
এই দুটা কৃতিত্বৰ জৰিয়তে ভাৰতে এতিয়া মুঠ ১২টা পদক লাভ কৰিছে, য’ত ২টা সোণ, ৭টা ৰূপ, আৰু ৩টা ব্ৰঞ্জৰ পদক আছে। পদক ৰেংকিঙত নৱম স্থানত আছে ভাৰতীয় দলটো।
পদক ৰেংকিঙত অষ্ট্ৰেলিয়াৰ আধিপত্য অব্যাহত আছে। অষ্ট্ৰেলিয়াই এতিয়ালৈকে ৩৫টা সোণ, ১৮টা ৰূপ, আৰু ২৭টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ ৮০টা পদক লাভ কৰি নিজৰ শীৰ্ষ স্থান দৃঢ় কৰিছে।
দ্বিতীয় স্থানত আছে কানাডা মুঠ ৩৫টা পদক, য’ত ১৩টা সোণ, ১০টা ৰূপ, আৰু ১২টা ব্ৰঞ্জৰ পদক আছে। তৃতীয় স্থানত আছে ইংলেণ্ডে মুঠ ৪৩টা পদক লাভ কৰিছে, য’ত আছে ১০টা সোণ, ১৮টা ৰূপ, আৰু ১৫টা ব্ৰঞ্জৰ পদক।
আয়োজক স্কটলেণ্ডে ৭টা স্বৰ্ণ পদক লাভ কৰি চতুৰ্থ স্থানত আছে, তাৰ পিছতে নাইজেৰিয়াই পঞ্চম স্থান, মালয়েছিয়া ষষ্ঠ, দক্ষিণ আফ্ৰিকা সপ্তম আৰু নিউজিলেণ্ড অষ্টম স্থানত আছে। ভাৰত নৱম স্থানত থকাৰ বিপৰীতে জামাইকাই দশম স্থানত শীৰ্ষ দহটাৰ ভিতৰত স্থান দখল কৰিছে।
ভাৰতে এতিয়া আগন্তুক প্ৰতিযোগিতাসমূহত এথলেটিকছ, বক্সিং, আৰু অন্যান্য ইভেণ্টত পদক লাভৰ আশা কৰিব, যিয়ে পদক তালিকাত নিজৰ স্থান আৰু অধিক শক্তিশালী কৰিব পাৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ