কমনৱেলথ গেমছঃ ভাৰোত্তোলনত হৰজিন্দৰ কৌৰৰ ৰূপৰ পদক লাভ
- একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ বাবে পদক বিজয়ী কৃতিত্ব অৰ্জন গ্লাছগো, ২৯ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ত ভাৰতীয় ভাৰোত্তোলক হৰজিন্দৰ কৌৰে মঙলবাৰে মহিলাৰ ৬৯ কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰি এক তাৰকাময় প্ৰদৰ্শন আগবঢ়ায়। হৰজিন্দৰে স্নে
हरजिंदर कौर


- একেৰাহে দ্বিতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ বাবে পদক বিজয়ী কৃতিত্ব অৰ্জন

গ্লাছগো, ২৯ জুলাই (হি.স.)। কমনৱেলথ গেমছ ২০২৬ত ভাৰতীয় ভাৰোত্তোলক হৰজিন্দৰ কৌৰে মঙলবাৰে মহিলাৰ ৬৯ কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰি এক তাৰকাময় প্ৰদৰ্শন আগবঢ়ায়। হৰজিন্দৰে স্নেচ এণ্ড ক্লিন এণ্ড জাৰ্কত ছয়টা প্ৰচেষ্টা সফলতাৰে সম্পূৰ্ণ কৰি মুঠ ২২৭ কিলোগ্ৰাম ওজন তুলি দ্বিতীয় স্থান দখল কৰে।

হৰজিন্দৰে স্নেচ ইভেণ্টত ৯৬ কেজিৰে আৰম্ভণি কৰিছিল আৰু তাৰ পিছত সফলতাৰে ৯৯ কেজি আৰু ১০১ কেজি ওজন তুলিছিল। স্নেচত ১০১ কেজিৰ সৰ্বোত্তম প্ৰচেষ্টাৰে ১০৮ কেজি ওজন তুলি অগ্ৰগতি লাভ কৰা কানাডাৰ চাৰ্লট ছিমন’ৰ পিছতে দ্বিতীয় স্থান দখল কৰে।

ক্লিন এণ্ড জাৰ্কতো হৰ্জিন্দৰে নিজৰ আকৰ্ষণীয় ফৰ্ম অব্যাহত ৰাখিলে। প্ৰথম প্ৰচেষ্টাত ১২০ কিলোগ্ৰাম, দ্বিতীয় প্ৰচেষ্টাত ১২৩ কিলোগ্ৰাম আৰু অন্তিম প্ৰচেষ্টাত ১২৬ কিলোগ্ৰাম সফলতাৰে উত্তোলন কৰে।

এইদৰে স্নেচত ১০১ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১২৬ কেজিকে ধৰি মুঠ ২২৭ কিলোগ্ৰাম ওজন তুলি ৰূপৰ পদক লাভ কৰে।

কানাডাৰ চাৰ্লট ছিমন’ৱে কমনৱেলথ গেমছৰ ২৪০ কিলোগ্ৰাম (১০৮ কিলোগ্ৰাম স্নেচ আৰু ১৩২ কিলোগ্ৰাম ক্লীন এণ্ড জাৰ্ক)ৰ অভিলেখৰে স্বৰ্ণ পদক লাভ কৰে।

অষ্ট্ৰেলিয়াৰ ন্যা ফীবি হেইমেনে মুঠ ২১৮ কিলোগ্ৰাম ওজনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

কমনৱেলথ গেমছত হৰজিন্দৰ কৌৰৰ এয়া একেৰাহে দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত মহিলাৰ ৭১ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । গ্লাছগো ২০২৬ত ৬৯ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতৰ হৈ পুনৰবাৰ পদক লাভ কৰে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande