কমনৱেলথ গেমছঃ পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত গুলৱীৰ সিঙৰ ৰূপৰ পদক লাভ
গ্লাছগো, ২৯ জুলাই (হি.স.)। ভাৰতীয় স্প্ৰিণ্টাৰ গুলৱীৰ সিঙে ২০২৬ চনৰ কমনৱেলথ গেমছত মঙলবাৰে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। এই ইভেণ্টত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয়। ২৭ মিনিট ৪৯.৭৮ ছেকেণ্ড সম
भारतीय धावक गुलवीर सिंह


গ্লাছগো, ২৯ জুলাই (হি.স.)। ভাৰতীয় স্প্ৰিণ্টাৰ গুলৱীৰ সিঙে ২০২৬ চনৰ কমনৱেলথ গেমছত মঙলবাৰে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। এই ইভেণ্টত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয়। ২৭ মিনিট ৪৯.৭৮ ছেকেণ্ড সময়েৰে তেওঁ এই কৃতিত্ব অৰ্জন কৰে।

কমনৱেলথ গেমছত পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ভাৰতৰ এইটোৱেই প্ৰথম পদক। এই ইভেণ্টত পুৰুষ আৰু মহিলা উভয় শাখাত ১৬ বছৰৰ পাছত ভাৰতৰ বাবে প্ৰথমটো পদক। ইয়াৰ পূৰ্বে কবিতা ৰাউটে দিল্লী ২০১০ কমনৱেলথ গেমছত মহিলাৰ ১০ হাজাৰ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

ৰাষ্ট্রীয় অভিলেখধাৰী গুলৱীৰ সিং দৌৰৰ আৰম্ভণিতে শীর্ষ দৌৰবিদৰ ভিতৰত থাকি গ’ল৷ ৪ হাজাৰ মিটাৰ দৌৰত তৃতীয় স্থানত আছিল যদিও হাফৱে মাৰ্কত পিছলি ষষ্ঠ স্থানলৈ নামি আহিছিল । ইয়াৰ পিছত তেওঁ উল্লেখযোগ্য প্ৰত্যাৱৰ্তন ঘটায়, ৬,০০০ আৰু ৭,০০০ মিটাৰত পঞ্চম স্থান দখল কৰে। ৮ হাজাৰ মিটাৰ দৌৰত ষষ্ঠ স্থানলৈ ঘূৰি আহিছিল যদিও অন্তিম কিলোমিটাৰ বাকী থকা অৱস্থাত চতুৰ্থ স্থানলৈ পিছলি পৰে।

চূড়ান্ত ষ্ট্ৰেচত গুলবিৰ সিঙে প্ৰচণ্ড গতি প্ৰদৰ্শন কৰে। তেওঁ প্ৰতিযোগীসকলক অতিক্ৰম কৰি ২ মিনিট ২৯.২ ছেকেণ্ডত চূড়ান্ত কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক দখল কৰে।

অষ্ট্ৰেলিয়াৰ কাই ৰবিনছনে ২৭ মিনিট ৪৮.৯৩ ছেকেণ্ড সময়েৰে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে আইল অফ মেনৰ ডেভিদ মুলাৰ্কিয়ে ২৭ মিনিট ৫০.২৮ ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক দখল কৰে। স্বৰ্ণ পদকৰ মাজত ব্যৱধান মাত্ৰ ০.৮৫ ছেকেণ্ড আৰু ৰূপৰ পদকৰ ক্ষেত্ৰত মাত্ৰ ০.৫০ ছেকেণ্ড আছিল ।

গুলৱীৰ সিঙৰ এই প্ৰদৰ্শনে ভাৰতীয় দীৰ্ঘ দূৰত্ব দৌৰৰ ইতিহাসত এক নতুন মাইলৰ খুঁটি হিচাপে পৰিগণিত কৰি কমনৱেলথ গেমছত ১০ হাজাৰ মিটাৰ দৌৰত পদকৰ বাবে ভাৰতৰ ১৬ বছৰীয়া অপেক্ষাৰ অন্ত পেলায়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande