টাইপেই অ’পেনঃ প্ৰণয় আৰু অনমোল খৰব দ্বিতীয় ৰাউণ্ডত, ৰাউনাক আৰু শ্ৰিয়াংশী বাহিৰ
টাইপেই, ২৯ জুলাই (হি.স.)। প্ৰবীণ ভাৰতীয় শ্বাটলাৰ এইচ. এছ প্ৰণয়ে টাইপেই অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত শক্তিশালী আৰম্ভণি কৰি পুৰুষৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়ি যায়। সপ্তম বাচনিৰ প্ৰণয়ে মাত্ৰ ৩৫ মিনিটৰ ভিতৰতে জাপানৰ মিনোৰু কোগাক ২১-১১,
भारतीय बैडमिंटन खिलाड़ी एच एस प्रणय


টাইপেই, ২৯ জুলাই (হি.স.)। প্ৰবীণ ভাৰতীয় শ্বাটলাৰ এইচ. এছ প্ৰণয়ে টাইপেই অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত শক্তিশালী আৰম্ভণি কৰি পুৰুষৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়ি যায়। সপ্তম বাচনিৰ প্ৰণয়ে মাত্ৰ ৩৫ মিনিটৰ ভিতৰতে জাপানৰ মিনোৰু কোগাক ২১-১১, ২১-১৪ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ি যায়।

বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী প্ৰণয়ে এই ছিজনত সংগ্ৰাম কৰি আহিছে। টাইপেইত উপস্থিত হোৱাৰ পূৰ্বে তেওঁ এই বছৰ মাত্ৰ তিনিবাৰহে মুকলি ৰাউণ্ড অতিক্ৰম কৰিছিল। তেওঁ এতিয়া দ্বিতীয় ৰাউণ্ডত ভাৰতৰ মিথুন মঞ্জুনাথ আৰু হংকঙৰ জেছন গুনাৱনৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বিজয়ী দলৰ সৈতে মুখামুখি হ’ব।

মহিলা একক শাখাত অনমোল খৰবে সুন্দৰ প্ৰদৰ্শন কৰি দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়ি যায়। ৫৬ মিনিটৰ ৰোমাঞ্চকৰ খেলখনত সহযোগী ভাৰতীয় ইশিকা জয়ছৱালক ২১-১৫, ১১-২১, ২১-১৯ ব্য়ৱধান পৰাস্ত কৰে। এতিয়া অনমোলৰ মুখামুখি হ’ব অশ্বিতা চলিহা আৰু চাইনিজ টাইপেইৰ দ্বিতীয় ছিড টি লিন ছিয়াঙৰ মাজত বিজয়ীৰ বিৰুদ্ধ খেলিব।

অৱশ্যে ভাৰতেও কিছু হতাশাৰ সন্মুখীন হয়। পুৰুষৰ একক শাখাত ৰৌনক চৌহানক ছিংগাপুৰৰ ৰিচি ডুটা ৰিচাৰ্ডোৱে ২১-১৪, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে। মহিলাৰ একক শাখাত থাইলেণ্ডৰ সুপানীদা কাটেথংৰ হাতত ২১-১১, ২১-১২ ব্যৱধানত পৰাস্ত হয় শ্ৰিয়াংশী বালিছেট্টী।

টাইপেই অ’পেনত আন কেইবাগৰাকীও ভাৰতীয় খেলুৱৈয়েও প্রতিদ্বন্দ্বিতা কৰিছে আৰু আগন্তুক মেচসমূহত তেওঁলোকৰ প্রদর্শন ভাল হ’ব বুলি আশা কৰা হৈছে ৷

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande