শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ অসম বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি
শোণিতপুৰ, ২৯ জুলাই (হি.স.)। উজনি অসমৰ বানাক্ৰান্ত জনসাধাৰণৰ সৈতে সংহতিৰ ইংগিত দি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সাংবাদিক, ফটো সাংবাদিককে ধৰি সদস্যসকলে বৰঙণি একত্ৰিত কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০,৩০০₹ দান কৰে।বুধবাৰে শোণিতপুৰৰ আয়ুক্ত আনন্দ কু
শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ


শোণিতপুৰ, ২৯ জুলাই (হি.স.)। উজনি অসমৰ বানাক্ৰান্ত জনসাধাৰণৰ সৈতে সংহতিৰ ইংগিত দি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সাংবাদিক, ফটো সাংবাদিককে ধৰি সদস্যসকলে বৰঙণি একত্ৰিত কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০,৩০০₹ দান কৰে।বুধবাৰে শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ হাতত আনুষ্ঠানিকভাৱে চেকখন গতাই দিয়ে । এই অনুষ্ঠানত জিলা সদৰৰ কেইবাগৰাকীও সাংবাদিকউপস্থিত থাকে। চেকখন গ্ৰহণ কৰি আয়ুক্ত গৰাকীয়ে শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ ভয়াৱহ বানপানীৰ ফলত ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক সহায় আগবঢ়োৱাৰ ববাবে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নক ধন্যবাদ জ্ঞাপন কৰে।

এই উপলক্ষে ভাষণ দি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰশইকীয়াই কয় যে সংগঠনটোৰ প্ৰতিজন সদস্যই নিজৰ সামৰ্থ্য অনুযায়ী স্বেচ্ছাই বৰঙণি আগবঢ়াইছে।তেওঁ লগতে কয় যে যদিও এই পৰিমাণ সামান্য আছিল, তথাপিও ইয়া দ্বাৰা এই কঠিন সময়ত বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াৰ বাবে ইউনিয়নৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা হৈছে। বানাক্ৰান্ত লোকসকলে অপৰিসীম কষ্টৰ মাজেৰে পাৰ হৈ গৈছে।আমাৰ অৱদান হয়তো সৰু হ'ব পাৰে, কিন্তু তেওঁলোকক সহায় কৰাৰ আন্তৰিক প্ৰচেষ্টা। আমি আশা কৰোঁ আৰু অধিক ব্যক্তি আৰু সংগঠনে আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিব।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande