কলগাছিয়াত ভাং সৰবৰাহকাৰী আৰু তীৰ জুৱাৰীক গ্ৰেপ্তাৰ
বৰপেটা, ২৯ জুলাই (হি.স.)। কলগাছিয়াত ভাং সৰবৰাহকাৰী আৰু তীৰ জুৱাৰীক গ্ৰেপ্তাৰ। নিশাৰ ভাগত কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে তীৰ জুৱাৰী হজৰত আলী আৰু ভাং সৰবৰাহকাৰী ছাদ্দাম হুছেইনক। ভাং ব্যৱসায়ীৰ পৰা জব্দ কৰে ভাং, মোবাইল ফোন আৰু এখন ই-ৰি
কলগাছিয়াত ভাং সৰবৰাহকাৰী আৰু তীৰ জুৱাৰীক গ্ৰেপ্তাৰ


বৰপেটা, ২৯ জুলাই (হি.স.)। কলগাছিয়াত ভাং সৰবৰাহকাৰী আৰু তীৰ জুৱাৰীক গ্ৰেপ্তাৰ। নিশাৰ ভাগত কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে তীৰ জুৱাৰী হজৰত আলী আৰু ভাং সৰবৰাহকাৰী ছাদ্দাম হুছেইনক। ভাং ব্যৱসায়ীৰ পৰা জব্দ কৰে ভাং, মোবাইল ফোন আৰু এখন ই-ৰিক্সা। ইফালে তীৰ জুৱাৰীৰ পৰা নগদ ১,৩৫০ টকা, এটা মোবাইল ফোন আৰু কিছু নথিপত্ৰ জব্দ কৰে।

আজি কুখ্যাত ভাং ব্যৱসায়ী আৰু তীৰ জুৱাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সমাজত চলি থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে ৰাইজে। সম্প্ৰতি আৰক্ষীয়ে ভাং ব্যৱসায়ীৰ বিৰুদ্ধে ৭৯/২০২৬ নম্বৰৰ এখন গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। লগতে ধৃত অভিযুক্ত দুজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande