ভৱানীপুৰ-সৰভোগত সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
বৰপেটা, ২৯ জুলাই (হি.স.)। ভৱানীপুৰ-সৰভোগত সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি। লোকসংগীতৰ চৰ্চাৰে নৱপ্ৰজন্মক আকৰ্ষণৰ প্ৰয়াস অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু স্থানীয় জিলা প্ৰশাসনৰ সহযোগত ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিত অ
ভৱানীপুৰ-সৰভোগত সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি


বৰপেটা, ২৯ জুলাই (হি.স.)। ভৱানীপুৰ-সৰভোগত সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি। লোকসংগীতৰ চৰ্চাৰে নৱপ্ৰজন্মক আকৰ্ষণৰ প্ৰয়াস

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু স্থানীয় জিলা প্ৰশাসনৰ সহযোগত ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিত অনুষ্ঠিত কৰা হৈছিল এক বিশেষ গ্ৰীষ্মকালীন কৰ্মশালা।

যুৱপ্ৰজন্মৰ মাজত আমাৰ চহকী অসমীয়া লোকসংগীতৰ ধাৰাটোক জনপ্ৰিয় কৰি তোলাৰ লগতে নতুন প্ৰজন্মক নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ মহান লক্ষ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে ‘পদ্মপ্ৰিয়া মহিলা সাংস্কৃতিক গোষ্ঠী’ৰ বিশেষ তৎপৰতাত বৰপেটাৰোডস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত ১৫ জুলাইৰপৰা এক লোকসংগীতৰ কৰ্মশালাৰ শুভাৰম্ভ কৰা হৈছিল।

এই প্ৰশিক্ষণ কাৰ্যসূচী আজি সামৰণী পৰে। কৰ্মশালাখনত অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক লোকসংগীতৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এই প্ৰয়াসক স্থানীয় ৰাইজে আদৰণি জনাইছে আৰু ইয়াৰ জৰিয়তে ভৱানীপুৰ-সৰভোগ অঞ্চলত এক সুস্থ সাংস্কৃতিক পৰিৱেশ গঢ় লৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande