
বৰপেটা, ২৯ জুলাই (হি.স.)। ভালুকী বজাৰত আৰক্ষী আৰু চি আৰ পি এফৰ অভিযান: নিষিদ্ধ ড্ৰাগছসহ আটক ভি ডি পিৰ সভাপতি।
আটক কৰাৰ পিছতেই ভালুকি বজাৰত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
স্থানীয় একাংশ আটক কৰা নুৰুল আমিন এজন ভাল লোক বুলি দাবী কৰি তেওঁক কোনো চক্ৰই ষড়যন্ত্ৰমূলকভাৱে এই ঘটনাত ফচোৱা বুলি অভিযোগ উত্থাপন কৰে।
বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত ভালুকী বজাৰত মঙলবাৰে নিশা বৰপেটাৰোড আৰক্ষী আৰু চি আৰ পি এফৰ এক যৌথ দলৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰা হয়।*
ভালুকী বজাৰত অৱস্থিত 'ৰাজু ফাৰ্মাচী' নামৰ ঔষধৰ দোকানখনত চলোৱা এই অভিযানত প্ৰায় ৫০০ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে ৯৬০ টা তৰ্মাদল আৰু নাইট্ৰজেপাম নামৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।
এই ঘটনাৰ লগতে জড়িত থকাৰ সন্দেহত ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী তথা ভালুকী গাঁৱৰ ভি ডি পিৰ সভাপতি নুৰুল আমিনক আৰক্ষীয়ে আটক কৰে।
ঘটনা সন্দৰ্ভত ভালুকী বজাৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। স্থানীয় একাংশ ৰাইজে নুৰুল আমিন এজন ভাল লোক বুলি দাবী কৰি তেওঁক কোনো চক্ৰই ষড়যন্ত্ৰমূলকভাৱে এই ঘটনাত ফচোৱা বুলি অভিযোগ উত্থাপন কৰে।
অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ত্বৰান্বিত পদক্ষেপ গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
বৰপেটাৰোড আৰক্ষীয়ে । সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাটোৰ এক পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু