
বৰপেটা, ২৯ জুলাই (হি.স.)। বৰপেটাৰোডত পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন যুৱক।
ৰাতিপুৱা বৰপেটাৰোডৰ শিমলগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়।
শিমলগুৰি আৰক্ষী পোহৰা চকীৰ অন্তৰ্গত হটাপাৰাত এখন তীব্ৰবেগী অচিনাক্ত বাহনে মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে এজন অচিনাক্ত যুৱকৰ মৃত্যু ঘটে।
অচিনাক্ত বাহনৰ খুন্দাত পথচাৰীৰ মৃত্যু
নিহত যুৱকজনে ৰাস্তা পাৰ হৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
খবৰ লাভ কৰাৰ লগে লগে শিমলগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্ত অব্যাহত ৰাখিছে। নিহত যুৱকজনৰ পৰিচয় এতিয়ালৈকে লাভ কৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু