ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ ৩৬ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস উদযাপন
ওদালগুৰি, ২৯ জুলাই (হি.স.)। ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ ৩৬ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস উদযাপন | পুৱাৰে পৰাই হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে ৰৌতাৰ ৮ নং ধনশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত | প্রায় ৫০ হাজাৰ লোকৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে | অনুষ্ঠা
ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ ৩৬ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস উদযাপন


ওদালগুৰি, ২৯ জুলাই (হি.স.)। ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ ৩৬ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস উদযাপন | পুৱাৰে পৰাই হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে ৰৌতাৰ ৮ নং ধনশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত | প্রায় ৫০ হাজাৰ লোকৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে | অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা উপস্থিত থকাৰ কথা আছিল যদিও উজনিৰ বান সমস্যাৰ বাবে উপস্থিত নাথাকে মুখ্যমন্ত্রী গৰাকী |

মুখ্যমন্ত্রীৰ প্রতিনিধি হিচাপে মন্ত্রী অশ্বিনী ৰায় চৰকাৰ, জয়ন্ত মল্ল বৰুৱা, চৰণ বড়োৰ লগতে কোচ ৰাজবংশীয় বহু জনপ্রতিনিধি উপস্থিত থাকিব অনুষ্ঠানত | অনাগত দিনত কোচ ৰাজবংশীয় নির্বাচিত মন্ত্রী বিধায়কে বিধানসভাৰ মজিয়াত জাতীয় সমস্যা উত্থাপন নকৰি AC ৰুমত বহি থাকিলে পৰৱৰ্তী সময়ত জন প্রতিনিধিৰো ঘৰ ঘেৰাও কাৰ্যসূচী আক্ৰাছুই লব বুলি মন্তব্য কেন্দ্রীয় সা সম্পাদক বলোৰাম বৰ্মনৰ | ৩৬ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে ৩৬ খন পতাকা আৰম্ভণিতে উত্তোলন কৰা হয় |

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande