বিলাসীপাৰাৰত ধানৰ মিলত বিস্ফোৰণ ঘটি এজনৰ মৃত্য়ু
ধুবুৰী, ২৯ জুলাই (হি.স.)। বিলাসীপাৰাৰত নিশা সংঘটিত হৈছে শোকাবহ ঘটনা। ধানৰ মিল বিস্ফোৰণৰ ঘটনাত থিতাতে মৃত্যু হয় এজন লোকৰ। ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন লোক। ছুৱাপাতা পঞ্চম খণ্ড গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। মৃত্যু হোৱা য
বিলাসীপাৰাৰত ধানৰ মিলত বিস্ফোৰণ ঘটি এজনৰ মৃত্য়ু


ধুবুৰী, ২৯ জুলাই (হি.স.)। বিলাসীপাৰাৰত নিশা সংঘটিত হৈছে শোকাবহ ঘটনা। ধানৰ মিল বিস্ফোৰণৰ ঘটনাত থিতাতে মৃত্যু হয় এজন লোকৰ। ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন লোক।

ছুৱাপাতা পঞ্চম খণ্ড গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। মৃত্যু হোৱা যুৱকজন ছুৱাপাতা পঞ্চম খণ্ড গাঁৱৰ সাহাবুদ্দিন বুলি জানিব পৰা গৈছে। ঘটনাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে আফজালুৰ ৰহমান নামৰ যুৱক। আফজালুৰ ৰহমানক ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বঙ্গাইগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিতিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande