
দৰং, ২৯ জুলাই (হি.স.)। নিশা ছিপাঝাৰত বুঢ়া আৰক্ষীৰ বিশেষ সফলতা।
বুঢ়া আৰক্ষী চকীৰ এটা দলে নিশা এক অভিযান চলাই উদ্ধাৰ কৰে লাখ লাখ টকাৰ সামগ্ৰী। বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত মৰানদীপাৰৰ এটা গোদামত অবৈধ ভাৱে মজুত কৰি ৰাখিছিল বিশাল মেগা মাৰ্টৰ এই সামগ্ৰী খিনি।ইয়াৰ পিছতে আৰক্ষীয়ে চলোৱা এই অভিযানত উক্ত সামগ্ৰী খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে সামগ্ৰীখিনি বিশাল কৰ্তৃপক্ষক গতাই দিয়া হয়। ইফালে এনে অবৈধ ভাৱে সামগ্ৰী মজুত কৰি ৰখা ব্যক্তি সকলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা