
মৰিগাঁও, ২৯ জুলাই (হি.স.)। চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল মৰিগাঁও চহৰ।
একাধিক ৰাজহ গাঁও মৰিগাঁও ৰাজহ চক্ৰৰ পৰা কৰ্তন কৰি মিকিৰভেটা ৰাজহচক্ৰত সংলগ্ন কৰাক লৈ মৰিগাঁৱত এই উত্তাল প্ৰতিবাদ।
মৰিগাঁও-নগাওঁ ৰাজ্যিক ঘাইপথৰ ওপৰত টায়াৰৰ জ্বলাই স্থানীয় ৰাইজে কৰিলে ৰাজপথত অৱৰোধ।
ৰাজপথ অৱৰোধত স্তব্ধ হৈ পৰিছ যানবাহন চলাচল।
মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ প্ৰকাশ প্ৰতিবাদকাৰীৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু