
শিৱসাগৰ, ২৯ জুলাই (হি.স.)। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত মহিলাসকলৰ অৰুণোদয় আচনিৰ ধন মুখ্যমন্ত্ৰী গৰাকীয়ে বৃদ্ধি হব বুলি কৰা ঘোষণাত অখিল গগৈৰ কৃতজ্ঞতা জ্ঞাপন। দুয়োখন জিলাৰ সকলো মহিলাক অৰুণোদয় আচনিৰ আওঁতাত অনাৰ বাবে আহ্বান অখিল গগৈৰ।বানাক্ৰান্ত পৰিয়ালক মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰকৈ অন্তৰ্ৱতীকালীন সাহাৰ্য প্ৰদান কৰাৰ বিষয়ে কৰা ঘোষণাত অসন্তুষ্টি ব্যক্ত কৰে অখিল গগৈয়ে।শিৱসাগৰ জিলাৰ বানাক্ৰান্ত লোকসকলক ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী অখিল গগৈৰ।
মুখ্যমন্ত্ৰী যদি এজন হৃদয়ৱান লোক,মুখ্যমন্ত্ৰী যদি এজন প্ৰজাবৎসল ৰজা তেন্তে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্তৰ প্ৰতি ১৫ হাজাৰ এককালীন সাহাৰ্য অপমানজনক।এইবাৰ মুখ্যমন্ত্ৰীয়ে অতি সংগোপনে এইবাৰ দিল্লী ভ্ৰমণ কৰিছে । পূৰ্বতে মুখ্যমন্ত্ৰী দিল্লীলৈ গলে সামাজিক মাধ্যমত এই বিষয়ে অৱগত কৰি যায়। এইবাৰ কিন্তু তেওঁ অকলে আৰু অতি সংগোপনে দিল্লীত প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ গৈছে।কিন্তু মোৰ মতে মুখ্যমন্ত্ৰীক এইবাৰ প্ৰধানমন্ত্ৰীয়ে সম্ভৱত সাক্ষাৎ নিদিলে ।মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীক লগ পোৱা বুলি মই কিন্তু নিশ্চিত।অসমৰ সাংসদ কেইজনে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে যদিও তেওঁলোকে এই দুৰ্যোগৰ বিষয়ে প্ৰধানমন্ত্ৰীক বিৱৰি কবলৈ কিমান সময় লাভ কৰিলে তাক মই কিন্তু নাজানো।ফাইল চুবলৈ নোপোৱা মন্ত্ৰী বুলি পবিত্ৰ মাৰ্ঘেৰিটাক সমালোচনা অখিল গগৈৰ।উৰিষ্যা বা বিহাৰত এই দুৰ্যোগ হোৱা হলে হয়তো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰিলেহেঁতেন।মুখ্যমন্ত্ৰী আৰু অসমৰ সাংসদ কেইজনে প্ৰধানমন্ত্ৰীক গামোচা পিন্ধাই লগ কৰি বানাক্ৰান্তৰ এক লাখ টকাও আনিব নোৱাৰিলে।এতিয়া উপায়বিহীন হৈ তেওঁ অৰুণোদয় আচনি ১২০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।সবাতোতকৈ ক্ষতিগ্ৰস্ত এখন জিলাৰ এটা সমষ্টিৰ বিধায়ক হিচাপে বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক অখিল গগৈয়ে দহ লাখ টকাকৈ ক্ষতিপূৰণ আদায় দিয়াৰ বাবে দাবী জনাই।যদি এই ক্ষতিপূৰণ মুখ্যমন্ত্ৰীয়ে আদায় দিব নোৱাৰে তেন্তে যিদৰে অখিল গগৈয়ে বিধানসভাৰ টেবুলত উঠি প্ৰতিবাদ কৰিছিল সেইদৰে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ টেবুলত উঠি প্ৰতিবাদ কৰাৰ হুংকাৰ অখিল গগৈৰ।
নাইবা অখিল গগৈয়ে শিৱসাগৰৰ ৰাইজক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ বাধ্য হব।মই এইবাৰ মুখ্যমন্ত্ৰীৰ টেবুলত উঠি তাণ্ডব নৃত্য কৰিম নতুবা মই মোৰ পুৰণি ৰূপলৈ ঘূৰি আহিম - অখিল গগৈ।প্ৰতি ক্ষতিগ্ৰস্ত পৰিয়ালক ১০ লাখ টকাকৈ মুঠ ৪০০০ হাজাৰ কোটি টকা জিলাখনৰ বাবে কেন্দ্ৰৰ পৰা আদায় কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান অখিল গগৈৰ।বানপীড়িত ৰাইজক মুখ্যমন্ত্ৰী বা চৰকাৰে বচোৱা নাই । অসমৰ ৰাইজে শিৱসাগৰ আৰু চৰাইদেউ জিলাবাসীক বচাইছে।যিকেইটা মানুহে এতিয়া নেপালী খুঁটিত বান সাহাৰ্য দি আছে সেইকেইটা মানুহে এই জিলাখনক শেষ কৰিলে।জয়ন্ত মল্ল বৰুৱা,পীয়ুষ হাজৰিকাকে ধৰি সকলে কয়লা আৰু শিল খান্দি নগা পাহাৰত বৃহৎ হ্ৰদ সৃষ্টি কৰিলে যাৰ ফলত এই জলবোমাৰ সৃষ্টি হল।সুশান্ত বৰগোঁহাইয়ে কয়লা ছিণ্ডিকেটৰ পৰা পাঁচ লাখকৈ লাভ কৰে বুলি মোক নিজেই কৈছিল।নাগালেণ্ডৰ দুটাকৈ বান্ধৰ পানী এৰি দিয়া হল যাৰ ফলত দুখনকৈ জিলা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হল।যদি এইবিলাক বিষয় তদন্ত কৰি বন্ধ নকৰে তেন্তে প্ৰতি বছৰে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈয়ে থাকিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ