
ওদালগুৰি, ২৯ জুলাই (হি.স.)। কলাইগাঁও অঞ্চলৰ মেকেঞ্জি পথে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক। সাধাৰণ মানুহৰ বাবে মূৰৰ বিষ হৈ পৰিছে এই পথ। পথটো পৰিণত হৈছে এক বিপদসংকুল পথলৈ। ইয়াৰ মাজতে গধুৰ যান-বাহনৰ অবাধ চলাচলে অধিক জটিল কৰি তুলিছে পৰিস্থিতি। এই দৃশ্য কলাইগাঁও অঞ্চলৰ মেকেঞ্জি পথৰ।
পথটোৰ বিভিন্ন স্থানত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাতে প্ৰতিদিনে যাতায়ত কৰা লোকসকলক ভোগান্তিত পেলাইছে। উল্লেখ্য যে, যোৱা কেইমাহ পূৰ্বে ওদালগুৰি জিলা প্ৰশাসনে স্কুলীয়া সময়ত গধুৰ যান-বাহনৰ চলাচল অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰি জাননী জাৰি কৰিছিল। কিন্তু অভিযোগ অনুসৰি, সেই জাননীক সম্পূৰ্ণ অৱজ্ঞা কৰি এতিয়াও গধুৰ যান-বাহনসমূহে এই পথৰে চলাচল অব্যাহত ৰাখিছে।স্থানীয় লোকসকলে অভিযোগ কৰিছে যে, বিভাগীয় কৰ্তৃপক্ষসমূহে বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা নাই। আনহাতে, এই সমগ্ৰ ঘটনাৰ আঁৰত বৃহৎ ছিণ্ডিকেট চলি থকাৰো সন্দেহ প্ৰকাশ কৰিছে একাংশ ৰাইজে।
“আমি বহুদিন ধৰি এই পথটোৰ বৃহৎ গাতসমূহ মেৰামতিৰ দাবী জনাই আহিছোঁ। কিন্তু লোক নিৰ্মাণ বিভাগে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।দীৰ্ঘদিন ধৰি সমস্যাগ্ৰস্ত হৈ থকা মেকেঞ্জি পথৰ অৱস্থা কেতিয়া সলনি হ’ব, সেয়াই এতিয়া স্থানীয় ৰাইজৰ মূল প্ৰশ্ন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ