
বৰপেটা, ২৯ জুলাই (হি.স.)। জনীয়াৰ ৰূপাকুছি-কান্দাপাৰা সংযোগী ব্ৰিজৰ দুই কাষত এপ্রোচ খহি প্ৰকাণ্ড গাঁতৰ সৃষ্টি।এপ্রোচৰ গাঁতত কাঠৰ কুণ্ডা বহাই দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ চেষ্টা ৰাইজৰ। কাদংৰ পৰা মন্দিয়ালৈ যোৱা চাউলখোৱা নদীৰ ওপৰত থকা ৰূপাকুছি-কান্দাপাৰা সংযোগী পকী ব্ৰিজৰ দুই কাষৰ এপ্রোচ খহি সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ।
যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন পথচাৰীৰ। মাজে সময়ে সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ ।ক্ষুভ উজাৰিলে স্থানীয় ৰাইজে।অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক উক্ত পকী ব্ৰিজৰ এপ্ৰোচৰ কাম কৰি দিয়াৰ আহ্বান জনায় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ