
ধুবুৰী, ২৯ জুলাই (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি মঙলবাৰে নিশা চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে। অভিযানত বাঙ্গালীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খেদি খেদি জব্দ কৰে গৰু ভৰ্তি বিলাসী বাহন। এই সন্দৰ্ভত আটক হয় দুই কুখ্যাত গৰু সৰবৰাহকাৰী।
পশ্চিমবংগৰ পৰা বিলাসীপাৰাৰ ভিতৰুৱা অঞ্চল লৈ সৰবৰাহ কৰাৰ সময়ত বাঙালীপাৰাত জব্দ হয় ৫ টাকৈ চোৰাং গৰু। গৰুৰ ভৰি বান্ধি অতি নিষ্ঠুৰ ভাৱে বিলাসী বাহনত ভৰাই লৈ আহি আছিল গৰু চোৰে । আটক সৰবৰাহকাৰী দ্বয় কাজাইকাটাৰ আব্দুল বাতেন আৰু আনোৱাৰ বুলি জানিব পৰা গৈছে। জব্দ কৰা বাহনখনৰ নম্বৰ এএছ ০১ বিবি ৩৭৫৪ বুলি জানিব পৰা গৈছে। সম্প্ৰতি গো- সৰবৰাহকাৰী, গৰু আৰু গাড়ী বিলাসীপাৰা থানাত ৰাখি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ