
গোলাঘাট, ২৯ জুলাই (হি.স.)। বানপীড়িতৰ সাহায্যৰ বাবে আগবাঢ়ি আহিল নুমলীগড় শোধনাগাৰ চালক সন্থা। বিধায়ক অখিল গগৈৰ হাতত তুলি দিলে ৫০ হাজাৰ টকাৰ অনুদান।
বানপীড়িত ৰাইজৰ দুৰ্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়াই নুমলীগড় শোধনাগাৰ চালক সন্থাই ৫০ হাজাৰ টকাৰ এক নগদ অনুদান আগবঢ়ায়। সন্থাৰ এক প্ৰতিনিধি দলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ হাতত এই বানসাহায্যৰ ধন তুলি দিয়ে।
এই মহান পদক্ষেপৰ বাবে বিধায়ক অখিল গগৈয়ে শোধনাগাৰ চালক সন্থাৰ সভাপতি কৃষ্ণ বৰা, সম্পাদক বিনোদ দাস, কাৰ্যকৰী সভাপতি প্রসেনজিত বৰা, মুখ্য উপদেষ্টা মুক্তাৰ আলী ডাঙৰীয়াৰ লগতে সন্থাটোৰ সমূহ সদস্যক অন্তৰৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু