শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়
শিৱসাগৰ , ২৯ জুলাই (হি.স.)। শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়। নুমলীগড়ৰ পৰা ইতিমধ্যে ৰাওনা হৈছে চিকিৎসালয়খনৰ দল। গৌৰীসাগৰৰ নামটি আলী আৰু নাজিৰাৰ সুন্দৰ পুখুৰী কলিতা গাঁৱত দুটা বিনামূল
শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়


শিৱসাগৰ , ২৯ জুলাই (হি.স.)। শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়। নুমলীগড়ৰ পৰা ইতিমধ্যে ৰাওনা হৈছে চিকিৎসালয়খনৰ দল।

গৌৰীসাগৰৰ নামটি আলী আৰু নাজিৰাৰ সুন্দৰ পুখুৰী কলিতা গাঁৱত দুটা বিনামূলীয়া ভ্ৰাম্যমাণ চিকিৎসা শিবিৰ অনুষ্ঠিত হ'ব, য’ত বানপীড়িত লোকসকলক বিনামূলীয়া চিকিৎসা, ঔষধ, প্ৰাথমিক ৰক্ত পৰীক্ষা আৰু পুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱা হ'ব। ইয়াৰ উপৰিও বানপীড়িত পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী, নতুন কাপোৰ, অআৰএছ, মমবাতি, চেনিটাৰী নেপকিন, ব্লিচিং পাউডাৰ আৰু ফেনাইল আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হ'ব। মুঠ ৩২ জন চিকিৎসক, নাৰ্ছ, ডায়েটিচিয়ান, লেবৰেটৰী কাৰিকৰী কৰ্মী আৰু নাৰ্ছিং শিক্ষাৰ্থীয়ে দুটা পৃথক দলত এই মানৱীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভিকে এন আৰ এল চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে― সমাজসেৱা আৰু দুৰ্যোগৰ সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দিয়াটো তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ অন্যতম অংশ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande