বানাক্ৰান্ত ৰাইজৰ বাবে ব্যতিক্ৰমী পদক্ষেপ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ
ডিব্ৰুগড়, ২৯ জুলাই (হি.স.)। বানাক্ৰান্ত ৰাইজৰ বাবে ব্যতিক্ৰমী পদক্ষেপ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ। প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ অবিভক্ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ সদস্য সকলে দুলীয়াজানৰ সমীপৰ বৰডুবিৰ দেওশাল চাহ বাগিচাৰ ১০ নম্
বানাক্ৰান্ত ৰাইজৰ বাবে ব্যতিক্ৰমী পদক্ষেপ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ


ডিব্ৰুগড়, ২৯ জুলাই (হি.স.)। বানাক্ৰান্ত ৰাইজৰ বাবে ব্যতিক্ৰমী পদক্ষেপ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ। প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ অবিভক্ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ সদস্য সকলে দুলীয়াজানৰ সমীপৰ বৰডুবিৰ দেওশাল চাহ বাগিচাৰ ১০ নম্বৰ শ্ৰমিক লাইনত কঠিয়া পাৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।

উক্ত অঞ্চলৰ হৃদয়বান কেইগৰাকীমান চাহ বাগিচাৰ শ্ৰমিক প্ৰায় ৪০ বিঘা মাটি কঠীয়াতলীৰ বাবে আগবঢ়াই দিছে । উজনি অসমৰ কেইবাস্থানত কঠিয়া পাৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে । বিশেষকৈ উজনিৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত কঠিয়া যোগান ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande