
ধেমাজি, ২৯ জুলাই (হি.স.)। বৰডুবিত উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ। দুগৰাকী ভুক্তভোগী কিশোৰীক অৰুণাচল প্ৰদেশত উদ্ধাৰ। এগৰাকী মহিলাসহ চাৰিজনক অভিযুক্তক গ্ৰেপ্তাৰ। ধৃত অভিযুক্ত কেইজনক হৈছে ধেমাজীৰ বাতঘৰীয়া অঞ্চলৰ চুমী সোণোৱাল,ধেমাজীৰ লাচিত নগৰ অঞ্চলৰ বিশ্বজিৎ বৰগোহাঁই, অৰুণাচল প্ৰদেশৰ তালাপ টকৰ অঞ্চলৰ মট্ৰম টিলি আৰু ধেমাজীৰ গোখামুখ দিনপায় অঞ্চলৰ সঞ্জীৱ দলে।
জানিবপৰা মতে বৰডুবি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ৰাজকোঁৱৰৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে অৰুণাচল প্ৰদেশৰ ইটানগৰ আৰু ডাপৰিজোৰ অঞ্চলত অভিযান চলাই বৰডুবিৰ চাহ বাগিচাৰ অঞ্চলৰ দুগৰাকী ভুক্তভোগী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানকাৰী দলটোৱে এই ঘটনাক লগত ব্যৱহৃত এ এছ ২২ এ ল ৫১৬১ নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয়। জানিবপৰামতে দীৰ্ঘদিনৰ পৰা ধৃত দলটোৱে চাহ বাগিচা অঞ্চলৰ একাংশ সহজ-সৰল তথা দৰিদ্ৰ পৰিয়ালৰ কিশোৰ আৰু যুৱতীক বিভিন্ন প্ৰলোভনেৰে মানৱ সৰবৰাহৰ কাৰ্য অব্যাহত ৰাখিছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা