
মানকাচৰ, ২৯ জুলাই (হি.স.)। বিৰসিং জৰুৱা সমষ্টিৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত বৰো নিছিনপুৰত নৈৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীত পৰি ৭ বছৰীয়া সন্ধানহীন হোৱা কিশোৰৰ মৃত্যু দেহ উদ্ধাৰ।কিশোৰ জন বৰো নিছিনপুৰ গাঁওৰ বাসিন্দা আফাছ আলীৰ পুত্ৰ ফৰিদুল আলী ।
যোৱা কালি কিশোৰ জনৰ উদ্বাৰ অভিযান চলায় ফকিৰগঞ্জ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দলে।সন্ধিয়া হোৱাৰ বাবে উদ্বাৰ অভিযান স্থগিত ৰাখে ।আজি পুৱাৰ ভাগত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে উদ্ধাৰ অভিযান চলাই থাকতে ফকিৰগঞ্জ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উপঙি থকা দেখা পাই ফকিৰগঞ্জ আৰক্ষীক খৱৰ দিয়ে আৰু ফকিৰগঞ্জ আৰক্ষীয়ে ততাতিয়াকৈ ঘটনা স্থলীত গৈ মৃত্যু দেহ উদ্ধাৰ কৰি মৰণোত্তৰভাৱে ধুবুৰী চিকিৎসালৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ