
ধুবুৰী, ২৯ জুলাই (হি.স.)। বীৰসিং জৰুৱা সমষ্টিৰ ফকিৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন শিশুৰ মৃতদেহ উদ্ধাৰ । নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ । উল্লেখ্য কালি নিছিনপুৰ গাওঁত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ দৃশ্য চাবলৈ গৈ নদীত পৰি গৈ সন্ধানহীন হৈছিল ফৰিদুল আলী নামৰ শিশু গৰাকী ।
লগে লগে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী উদ্ধাৰ অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাই । আজি পুৱা ফকিৰগঞ্জ বৰাইবাৰী নামৰ স্থানত ব্ৰহ্মপুত্ৰ নদীত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে । লগে লগে পৰিয়ালৰ লোকে আহি শিশু জনক প্ৰত্যক্ষ কৰি চিনাক্ত কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা