গোৱালপাৰাৰ ধুমেৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে
গোৱালপাৰা, ২৯ জুলাই (হি.স.)। গোৱালপাৰাৰ ধুমেৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে । এক গোপন খৱৰৰ ভিত্তিত ধুমেৰঘাট আৰক্ষী চকীৰ আৰক্ষী বিষয়া সুকেশ ঘোষৰ নেতৃত্বত আৰক্ষীৰ দলে লক্ষীপুৰ - খলিচাভিটা সংযোগী পথৰ দাপকাৰ
গোৱালপাৰাৰ ধুমেৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে


গোৱালপাৰা, ২৯ জুলাই (হি.স.)। গোৱালপাৰাৰ ধুমেৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে । এক গোপন খৱৰৰ ভিত্তিত ধুমেৰঘাট আৰক্ষী চকীৰ আৰক্ষী বিষয়া সুকেশ ঘোষৰ নেতৃত্বত আৰক্ষীৰ দলে লক্ষীপুৰ - খলিচাভিটা সংযোগী পথৰ দাপকাৰ ভিটা ঈদগাহৰ কাষতে অভিযান চলাই শাহেৰা খাতুন নামৰ মহিলা ড্ৰাগছ ব্যৱসায়ীৰ কৱলৰ পৰা ৪৭ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰে ।

ইয়াৰ পিছত মহিলা গৰাকীৰ গৃহত অভিযান চলাই আৰু ২৮ টাসহ মুঠ ৭৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু ছাৱনৰ বাকচ অৰ্থাৎ প্লাষ্টিকত ৰখা ৯,১৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে । আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছৰ পৰিমাণ প্ৰায় ১০০ গ্ৰাম হ'ব আৰু ইয়াৰ বজাৰ মূল্য পাঁচ লক্ষাধিক টকাত কৈ অধিক হ'ব বুলি অনুমান কৰা হৈছে । ধৃত মহিলা গৰাকীৰ ঘৰ দাপকাৰ ভিটা গাওঁত । আৰক্ষীয়ে ড্ৰাগছসহ মহিলা গৰাকীক আটক কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande