ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বন সুৰক্ষা কৰ্মীৰ গুলীত এজনৰ মৃত্যু
কোকৰাঝাৰ, ২৯ জুলাই (হি.স.)। কোকৰাঝাৰত অঘটন। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত গুলী চালনাৰ ঘটনা। প্ৰাপ্ত তথ্যমতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ কচুগাঁৱ বন সংমন্ডলৰ অন্তৰ্গত আঠিয়াবাৰী ৱেষ্টাৰ্ণ ৰেঞ্জৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৰলপাৰাৰ ঘন বনাঞ্চলত ৰাষ্ট্
ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বন সুৰক্ষা কৰ্মীৰ গুলীত এজনৰ মৃত্যু


কোকৰাঝাৰ, ২৯ জুলাই (হি.স.)। কোকৰাঝাৰত অঘটন।

ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত গুলী চালনাৰ ঘটনা।

প্ৰাপ্ত তথ্যমতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ কচুগাঁৱ বন সংমন্ডলৰ অন্তৰ্গত আঠিয়াবাৰী ৱেষ্টাৰ্ণ ৰেঞ্জৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৰলপাৰাৰ ঘন বনাঞ্চলত ৰাষ্ট্ৰীয় উদ্যানত গছ কাটিবলৈ যোৱা এজন ব্যক্তি বন সুৰক্ষা কৰ্মীৰ সৈতে মুখামুখি হোৱা সময়ত বন সুৰক্ষা কৰ্মীয়ে গুলী চালনা কৰাত এগৰাকী ব্যক্তিৰ মৃত্যু হয়৷

নিহত ব্যক্তিজনক ফুংখা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে৷

জানিব পাৰামতে ঘটনাথলীলৈ ইতিমধ্যে দন্ডাধীশ আৰু বন বিভাগৰ শীৰ্ষ বিষয়া ৰাওনা দিছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande