কলগাছিয়াত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বান সাহায্য সংগ্ৰহ অভিযান
বৰপেটা, ২৯ জুলাই (হি.স.)। কলগাছিয়াত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বান সাহায্য সংগ্ৰহ অভিযান। উজনি অসমত সংঘটিত হোৱা প্ৰলয়ংকাৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ বাবে কলগাছিয়া বজাৰত দোকানে দোকানে ঘূৰি দান পাত্ৰ হাতত লৈ ছাত্ৰ ছাত্ৰী সকলে সংগ্ৰহ কৰিছে
কলগাছিয়াত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বান সাহায্য সংগ্ৰহ অভিযান


বৰপেটা, ২৯ জুলাই (হি.স.)। কলগাছিয়াত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বান সাহায্য সংগ্ৰহ অভিযান। উজনি অসমত সংঘটিত হোৱা প্ৰলয়ংকাৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ বাবে কলগাছিয়া বজাৰত দোকানে দোকানে ঘূৰি দান পাত্ৰ হাতত লৈ ছাত্ৰ ছাত্ৰী সকলে সংগ্ৰহ কৰিছে বৰঙনি। ৰাইজেও জনাইছে স্বতঃস্ফূৰ্ত সঁহাৰি। কলগাছিয়াত অৱস্থিত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ উদ্যোগত কলগাছিয়াৰ বিভিন্ন অঞ্চলত এইদৰে বান সাহায্য সংগ্ৰহ কৰি উজনি অসমৰ বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়াবলৈ সিদ্ধান্ত লৈছে।

ইতিমধ্যে আজমল ফাউণ্ডেচনৰ ট্ৰাষ্ট্ৰী তথা বিধায়ক মৌলানা বদৰুদ্দিন আজমলে শিৱসাগৰ, যোৰহাট আদি অঞ্চলত বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়াই আহিছে যদিও এইবেলি কলগাছিয়াৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলেও নিজাববীয়াকৈ ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহেৰে বানপানীত ক্ষতিগ্ৰস্ত এলেকাত সহায়ৰ হাত আগবঢ়াবলৈ প্ৰচেষ্টা হাতত লৈছে। তেওঁলোকে সংগ্ৰহ কৰা ধন সমূহ আজমল ফাউণ্ডেচনৰ জৰিয়তে উজনি অসমৰ বানাক্ৰান্ত সকলৰ মাজত প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী সকলৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে ৰাইজে পূৰ্ণ সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande