
গোলাঘাট, ২৯ জুলাই (হি.স.)। দেৰগাঁৱত বানে বিধস্ত কৰিলে এগৰাকী প্ৰগতিশীল কৃষকৰ সপোন । গেলাবিলৰ বাঢ়নী পানীয়ে নষ্ট কৰিলে দেৰগাঁও সমষ্টিৰ পূৱ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধেমাজি কৈৱৰ্ত গাঁৱৰ এখন বৃহৎ কৃষিপাম।
গত ২৬ বছৰ ধৰি পৰিকল্পিতভাৱে ৰবিশস্যৰ খেতি কৰি আহিছিল আজগৰ আলি নামৰ কৃষকগৰাকীয়ে। অমিতা,বগৰী,জলকীয়া,তিয়ঁহ,ড্ৰেগনকে ধৰি কেইবাবিধ খেতি কৰিছিল মুঠ ষাঠি বিঘা ভূমিত । বলিয়া বানে তচনচ কৰিলে কৃষকগৰাকীৰ সপোন । প্ৰায় পঞ্চাশ লাখ টকাৰ খেতি নষ্ট হোৱাত সৰ্বস্বান্ত হৈ পৰিল আজগৰ আলি । বিভিন্ন পাচলিৰে নদন-বদন হৈ সেউজ সুগন্ধ বিয়পি থকা কৃষিপাম খনত এতিয়া কেউফালে গেলাময় দুৰ্গন্ধ। চৰকাৰৰ পৰা সহায় ভিক্ষা আদৰ্শবান কৃষক গৰাকীৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা