
নগাঁও, ২৯ জুলাই (হি.স.)। সোণৰ পদক অৰ্জন কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰাঙলু গাঁৱৰ আলিছা ৰোহানী নামৰ খেলুৱৈ গৰাকীয়ে ৷ ২৪ জুলাইৰ পৰা নলবাৰী সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা ৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ১৮ বছৰ অনুৰ্ধ্ব ১০০মিটাৰ বাধাদৌৰ (Hurdles) খেলত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈ গাঁওখনৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাঙলু গাঁৱৰ আলিছা ৰোহানীয়ে ৷
সৰুৰে পৰা ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰি অহা আলিছা ৰমজান আলী আৰু চুলতানা বেগম কন্যা । উচ্চতৰ মাধ্যমিক শাখাত অধ্যয়ন কৰি থকা আলিছাই ৷ পূৰ্বেও বহু খেলত বিভিন্ন পদক লাভ কৰিছে খেলুৱৈ গৰাকীয়ে । আলিছাৰ সাফল্যই অঞ্চলটোৰ সকলোকে আনন্দিত কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা