
ওদালগুৰি, ২৯ জুলাই (হি.স.)। ওদালগুৰি-মাজবাট আৰক্ষীৰ যুটীয়া অভিযানত ২৮৩ কেজি গাঞ্জা জব্দ।
ওদালগুৰি আৰু মাজবাট আৰক্ষীৰ যুটীয়া অভিযানত পুনৰ বৃহৎ সফলতা। ২৮৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জাসহ দুজন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। জব্দকৃত গাঞ্জা খিনিৰ আন্তৰাজ্যিক বজাৰ মূল্য প্ৰায় ১২ লাখ ৮৩ হাজাৰ টকা বুলি জানিব পৰা গৈছে।
ওদালগুৰি আৰু মাজবাট আৰক্ষীৰ যুটীয়া অভিযানত লালপানীৰ ডিমাচাংগা দলঙৰ কাষৰ ঘন অৰণ্যৰ পৰা ২৮৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰা হয়। অৰুণাচল প্ৰদেশৰ পৰা গাঞ্জা খিনি কঢ়িয়াই অনাৰ অভিযোগত মাজবাট থানাৰ অন্তৰ্গত বাহাদুৰ আদৰ্শ গাঁৱৰ প্ৰদীপ নাৰ্জাৰী (৩০) আৰু চিৰচাগুৰি গাঁৱৰ কৃষ্ণ বড়ো (৩৯)ক আটক কৰা হৈছে। মাজবাট আৰক্ষীয়ে ৩৯/২৬ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু