
গোৱালপাৰা, ২৯ জুলাই (হি.স.)।
শিশুৰ কলৰৱত মুখৰিত হৈ পৰিছে বাদুংদুপ্পা কলা কেন্দ্র। বাদুংদুপ্পা কলা কেন্দ্রত বিগত ২৫ দিন ধৰি বিভিন্ন ঠাইৰ শিশু সকল আহি ব্যস্ত হোৱা দেখা গৈছে , কলা কেন্দ্রৰ বাকৰিত হাঁহিছে, গাইছে, নাচিছে আৰু অভিনয় শিকিছে।
প্ৰতি বছৰৰৰ দৰে বাদুংদুপ্পা কলা কেন্দ্রৰ উদ্যোগত অনুষ্ঠিত কৰা শিশু নাট কমশালাৰ এইবেলিৰ শিশু নাট সমাৰোহৰ সফল সামৰণি পৰে।
গ্ৰীষ্মকালীন বন্ধৰ ২৫ দিনীয়া শিশু নাট কৰ্মশালাৰ অন্তত মঙলবাৰে কলা কেন্দ্রৰ ভিতৰত থকা শাল গছৰ তলত তিনিখনাটক মঞ্চস্থ কৰা হয়। কৃত্রিমতা পৰিহাৰ কৰি, লাইট , মাইক অবিহনে মুকলি আকাশৰ তলত মাটিৰ মঞ্চত দিনৰ পোহৰত সম্পূর্ণ প্ৰাকৃতিক পৰিবেশৰ মাজত থলুৱা বাদ্যযন্ত্ৰেৰ ব্যৱহাৰেৰে নাট পৰিবেশন কৰে। সামৰণিত তিনিখনকৈ নাটক না চাব্ৰা, খৰেঙা আৰু কায় থাকালা পৰিৱেশন কৰে। বাদুংদুপ্পা কলা কেন্দ্রৰ প্ৰাণ প্ৰতিষ্ঠাপক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ যি এক ব্যতিক্রমী প্ৰচেষ্টা নাটকৰ জৰিয়তে প্ৰকৃতিৰ সৈতে নিজকে বিলীন কৰাৰ সেয়া যেন জীয়াই ৰখাৰ প্রচেষ্টা চলাই গৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা