
Assam, 29 জুলাই
তেজপুৰৰ জ্যোতি -বিষ্ণু মইনা পাৰিজাত ৰ ২০ তম প্ৰতিষ্ঠা দিৱস আৰু শিশু সমাৰোহৰ সামৰণি
মইনাৰ মুখৰ মৌমাতেৰে জীপাল
–শৈক্ষিক ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰা প্ৰাক্তন মইনাক অভিনন্দন জ্ঞাপন
–মইনা সভাপতি, মইনা নিৰ্দিষ্ট বক্তাৰ ভাষণত আপ্লুত জ্যেষ্ঠজন
গীত -কবিতা আবৃত্তিৰে মুখৰিত
বিশিষ্টজনৰ মাৰ্গদৰ্শন
শোণিতপুৰ, ২৯ জুলাই (হি.স.)। আমি পোহৰ বিচাৰি যাওঁ শীৰ্ষক মন্ত্ৰেৰে মইনাৰ মুখৰ মৌমাত, বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ মাৰ্গদৰ্শন, অভিনন্দন জ্ঞাপন আৰু পুৰস্কাৰ প্ৰদান আদি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম মইনা পাৰিজাতৰ তেজপুৰৰ অন্যতম শাখা জ্যোতি -বিষ্ণু মইনা পাৰিজাত ৰ ২০ তম প্ৰতিষ্ঠা দিৱস আৰু শিশু সমাৰোহখনি সফলতাৰে সামৰণি পৰে । বিয়লি জ্যোতি -বিষ্ণু মইনা পাৰিজাত ৰ মইনা আয়ুসী দিক্ষিতা দাসৰ পৌৰোহিত্যত অনুষ্ঠিত মূল অনুষ্ঠান আৰম্ভ হয় মইনা পাৰিজাতখনৰ প্ৰায় ডেৰকুৰি মইনাৰ সুধাকণ্ঠৰ শিশু গীতেৰে ।
জ্যোতি -বিষ্ণু মইনা পাৰিজাত ৰ সম্পাদক ধন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদিকা নিলীমা বেজেৰুৱা, তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি মৃদুল কুমাৰ শৰ্মা, উপ সভানেত্ৰী নিৰু নেওগ বৰা, অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা আমন্ত্ৰিত অতিথি ৰূপে অংশ কৰি ভাষণ আগবঢ়োৱাৰ পূৰ্বে মূল অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি তথা বিশিষ্ট লেখক শান্তনু বৰুৱাই । উল্লেখ্য যে মইনা পাৰিজাতখনৰ সভানেত্ৰী মমী অধ্যাপকৰ উপস্থিতিত মূল অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি ভাষণ আগবঢ়াই বাৰহলীয়া মইনা পাৰিজাতৰ আদ্ৰিকা ভট্টাচাৰ্য্যই আৰু মইনা অতিথি ৰূপে ভাষণ আগবঢ়াই নটৰাজম মইনা পাৰিজাতৰ মইনা ভাস্কৰ দ্বিপ কাশ্যপে ।
আনহাতে অনুষ্ঠানটিত অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ত্বৰে উৰ্ত্তীণ হোৱা জ্যোতি -বিষ্ণু মইনা পাৰিজাতৰ কেবাগৰাকীও প্ৰাক্তন মইনাক গামোচা, ফুলৰ টোৰা, শৰাই আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ওৰিষ্যাৰ কটক চহৰত অনুষ্ঠিত শিশু নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰে পুৰস্কৃত হোৱা মইনা পাৰিজাতখনৰ মইনা ৰিডম বৰাক অভিনন্দন জ্ঞাপন কৰে। আনহাতে এই অনুষ্ঠানতে জ্যোতি -বিষ্ণু মইনা পাৰিজাত ৰ পাঁচগৰাকী মইনা ক্ৰমে -মৌমিতা ডেকা, কৃষ্টি কাব্যা দাস, ডৰিণ ডেকা, কাব্যা শৰ্মা আৰু পৰিস্মিতা কোছৰ মৌমাতেৰে সুমধুৰ হৈ পৰে ।ইয়াৰ আগতে পুৱা পতাকা উত্তোলন কৰে জ্যোতি বিষ্ণু মইনা পাৰিজাতৰ মইনা আকাংক্ষা ভূঞাই ।
স্মৃতি তৰ্পণ কৰে মইনা পদ্মজা ডেকাই । সমান্তৰালকৈ পৰিৱেশ সুৰক্ষাৰ বাবে মইনা সকলে বৃক্ষ ৰোপণ কৰিও পৰিৱেশ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ পিছতে অংকুৰ শ্ৰেণীৰ চেমনীয়ালৈকে ক, খ, গ শাখাত আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু জুবিন গাৰ্গৰ গীতৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । সুধাকণ্ঠ ড. ভূপেন হাজৰিকা আৰু লুইতকণ্ঠ জুবিন গাৰ্গৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন কৰি মানুহে মানুহৰ বাবে আৰু মায়াবিনী শীৰ্ষক কালজয়ী গীতেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে বিশিষ্ট আবৃত্তিকাৰ কবি তথা উক্ত প্ৰতিযোগিতাৰ বিচাৰকদ্বয় অলক শৰ্মা আৰু কবি বন্ধু অনুপ অসমীয়াই ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ